পঞ্চদশ অসম বিধানসভাৰ অধিৱেশন আজিৰেপৰা আৰম্ভ হৈছে। আজি অধিৱেশনত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক শ্ৰী সৰ্বানন্দ সোণোৱালে বিধায়ক হিচাপে শপতবাক্য পাঠ কৰে। তেখেতক শপতবাক্য পাঠ কৰোৱায় প্ৰ’টেম অধ্যক্ষ শ্ৰী ফণীভূষণ চৌধুৰীয়ে।
ভাৰতীয় সংবিধানৰ প্ৰতি আনুগত্যতা প্ৰকাশ কৰি তথা দেশৰ একতা, অখণ্ডতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত দায়ৱদ্ধতাৰ কথা দোহাৰি আৰু নিজৰ কৰ্তব্য ৰূপায়ণৰ প্ৰতি শ্ৰদ্ধাপূৰ্বক হৈ অসম বিধানসভাৰ পৱিত্ৰ মজিয়াত সৰ্বানন্দ সোণোৱালে বিধায়ক হিচাপে শপতগ্ৰহণ কৰে।