যোগী আদিত্যনাথক ভৱিষ্যতৰ প্ৰধানমন্ত্ৰী হিচাপে বিচাৰে ভাৰতবাসীয়ে, এই মন্তব্য কৰিছে অমিত শ্বাহে। তেওঁ লগতে কয় যে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে কৰা উন্নয়নমূলক কামৰ বাবেই যোগীক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বিজেপিয়ে।
অমিত শ্বাহে কয় যে, ভাৰতীয় জনতা পাৰ্টীয়ে উত্তৰ প্ৰদেশৰ নিৰ্বাচনত বিশাল সংখ্যাগৰিষ্ঠতাৰে জয়ী হ’ব কাৰণ বিগত সময়ত যোগীৰ নেতৃত্বত উত্তৰ প্ৰদেশ দৃষ্টান্তমূলক জীৱন-যাপন আৰু আইন-শৃংখলাৰ ক্ষেত্ৰত যথেষ্ট উন্নতি হৈছে।
যোগীক ভৱিষ্যতৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী বুলি বৰ্ণনা কৰি শ্বাহে কয় যে, ‘স্বাভাৱিকতে যোগী প্ৰধানমন্ত্ৰী হ’ব পাৰে। তেওঁৰ নেতৃত্বতে উত্তৰ প্ৰদেশত ৩০খন চিকিৎসা মহাবিদ্যালয়, ৰাজ্যখনত দুখনকৈ এইমছ আনহাতে জাপানীজ এনকেফেলাইটিছৰ বাবে এটা গৱেষণা কেন্দ্ৰও নিৰ্মাণ কৰা হৈছে। বিজেপি চৰকাৰে ১০ খন নতুন বিশ্ববিদ্যালয় নিৰ্মাণ, ৭৭ খন নতুন মহাবিদ্যালয় খুলিছে। বিজেপি চৰকাৰে সমগ্ৰ উত্তৰ প্ৰদেশত ১.৪০ লাখ মহাবিদ্যালয় পুনৰ নিৰ্মাণ আৰু পুনৰ বিকাশ কৰিছে’ বুলিও শ্বাহে কয়।
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘয়ো যোগী আদিত্যনাথে দ্বিতীয়বাৰৰ বাবে কাৰ্যকাল লাভ কৰিব বুলি একপ্ৰকাৰৰ নিশ্চিত। তেওঁলোকে কয় যে, ১০ মাৰ্চত যদি নিৰ্বাচনৰ ফলাফলত বিজেপি জয়ী হয়, তেন্তে আদিত্যনাথ ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখনৰ একমাত্ৰ মুখ্যমন্ত্ৰী হ’ব।