২০৪৭ চনত অসমক এখন ইছলামিক ৰাষ্ট্ৰ গঠনৰ পৰিকল্পনাৰে জেহাদী সংগঠনে অতি কৌশলপূৰ্ণভাৱে কাম কৰি অহাৰ খবৰ চোৰাংচোৱাৰ তথ্যত প্ৰকাশ পাইছিল। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ পৰা আৰম্ভ কৰি বহু সন্দেহজনক লোকে নামনি অসমৰ বিভিন্ন স্থানত আশ্ৰয় লৈ সেই তৎপৰতা চলোৱাৰ তথ্য সদৰি হোৱাৰ লগতে অসম আৰক্ষী সঞ্চালক প্ৰধানেও এই খবৰৰ সত্যতা স্বীকাৰ কৰিছিল। শ্লিপাৰ চেলৰ জৰিয়তে বিভিন্ন বৃত্তিত নিয়োজিত হোৱা দেখুৱাই জেহাদী সংগঠনৰ শীৰ্ষ নেতাই কুচকাৱাজ চলোৱাৰ তথ্য এতিয়া সচাঁ প্ৰমাণিত হল। শুকুৰবাৰৰ নিশা অসম আৰক্ষীৰ বিশেষ শাখা আৰু বৰপেটা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে ৫ জন জেহাদী সংগঠনেৰে সম্পৰ্ক থকা ব্যক্তিক।
চোৰাংচোৱাৰ খবৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সকলৰ মাজত আছে বাংলাদেশৰ এজন নাগৰিক। মহম্মদ চুমন ওৰফে চাইফুল ৰহমান ওৰফে হাৰুদ ৰছিদ নামৰ এই সন্দেহজনক জেহাদীজনৰ ঘৰ বাংলাদেশৰ নাৰায়নগঞ্জত। অবৈধভাৱে অসমত প্ৰৱেশ কৰি ঢাকালিপাৰা মছজিদত শিক্ষকৰূপে নিয়োজিত হৈ আছিল চাইফুল।
আৰক্ষীৰ হাতত পৰা তথ্য অনুসৰি অলকায়দা ভাৰতীয় উপমহাদেশৰ শাখাৰে সৈতে জড়িত চাইফুল। তেৱেঁ অসমত জেহাদী সংগঠনত যোগদান তদাৰক কৰিছিল। বিভিন্ন সংখ্যালঘু সম্প্ৰাদায়ৰ লোকক জেহাদী সংগঠনত যোগদানৰ বাবে স্থানীয় কিছুলোকৰ সহযোগত প্ৰৰোচিত কৰিছিল চাইফুলে। ইয়াৰ উপৰিও চাইফুলে ৪জন লোকক বাংলাদেশৰ জেহাদী সংগঠন আনছুউল্লাহ বাংলা টীম চমুকৈ এ বি টিত যোগদান কৰোৱাইছিল।
আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত আছে খাইৰুল ইছলাম, বাদশ্বাহ চুলেইমান খান, নাছাদ আলী আৰু টাইমুৰ ৰহমান খান। বৰপেটা জিলাত জেহাদী আৰু অলকায়দাৰ ঘাটি ৰূপে গঢ়ি তুলিবলৈ এইদৰে বাংলাদেশৰ এটা জেহাদী সংগঠনৰ নাম লৈ ততপৰতা চলোৱাৰ খবৰ ভাৰতীয় চোৰাংচোৱাই লাভ কৰিছিল। অতি সংগোপনে এই স্থানৰ পৰাই এজন জেহাদী সংগঠনৰ শীৰ্ষ নেতাক চোৰাংচোৱা সংস্থাই দুদিনৰ পূৰ্বে গ্ৰেপ্তাৰ কৰা বুলিও এক সূত্ৰত প্ৰকাশ।