ভাৰতীয় ক্ৰিকেট দলে আজি পাকিস্তান ক্ৰিকেট দলৰ বিৰুদ্ধে মহিলা ক্ৰিকেট বিশ্বকাপ ২০২২ৰ প্ৰথমখন খেল খেলিব। ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলখন এইবাৰৰ বিশ্বকাপ প্ৰতিযোগিতাৰ ষষ্ঠখন খেল হ’ব। মিতালী ৰাজৰ নেতৃত্বত ভাৰতীয় দলটো পাকিস্তানৰ মুখামুখি হ’বলৈ সম্পূৰ্ণৰূপে সাজু।
ভাৰতীয় পুৰুষ দলৰ দৰেই মহিলা দলটোৱেও অভিলেখৰ ক্ষেত্ৰত পাকিস্তান দলৰ ওপৰত সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰিছে। মহিলা ক্ৰিকেট বিশ্বকাপত এই দুয়োখন দেশ দুবাৰকৈ মুখামুখী হৈছে আৰু দুয়োবাৰেই ভাৰতীয় দলে জয়লাভ কৰিছে। অৰ্থাৎ এই প্ৰতিযোগিতাখনত পাকিস্তানতকৈ ভাৰতৰ জয়ৰ আশা সৰ্বাধিক। একে সময়তে এতিয়ালৈকে দুয়োখন দেশৰ মাজত মুঠ ১০খন এদিনীয়া খেল অনুষ্ঠিত হৈছে, য’ত ভাৰতে সকলোবোৰ মেচ জিকিছে।