শনিবাৰে মানস জ্যোতি বৰুৱাই গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেল অনুষ্ঠিত কৰে।অসমত হৈ থকা বিভিন্ন নিযুক্তি কেলেংকাৰীৰ বিষয়ে অৱগত কৰাই।এ. পি.এছ. চি কেলেংকাৰী, পি.এন. আৰ. দি কেলেংকাৰী,উপ পৰিদৰ্শক নিযুক্তি,এ.পি.দি.চি.অল কেলেংকাৰী আৰু এনেকুৱা বহু কেলেংকাৰী হৈছে সোনোৱাল চৰকাৰৰ দিনত।ইপিনে সোনোৱাল চৰকাৰে শাসনভাৰ লোৱাৰ পিছত এখন দুৰ্নীতি মুক্ত অসম গঢ়িব বুলি দিয়া প্ৰতিস্তুতি ধুৱাচাঙ ত উঠিছে। চৰকাৰখনে এতিয়া চুৰ গ’লে বুদ্ধি বৰষুণ গ’লে জাপিৰ দৰে যিমানেই প্ৰচেষ্টা হাতত নোলোক কিয়,অসমৰ সচেতন ৰাইজে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি আউৰুৱা চৰকাৰৰ দিনত এনে কেলেংকাৰী কেনেকৈ হ’ব পালে সেই প্ৰশ্ন নিশ্চয় কৰিব।আটাইকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে এ.পি.এছ.চি কেলেংকাৰী গোচৰৰ তদন্তৰ নামত চৰকাৰে বাহ বাহ লাভ কৰিছিল ,সেই কেলেংকাৰীৰ তদন্ত এতিয়া কিমান আগবাঢ়িল আৰু কেলেংকাৰীৰ অন্যতম অভিযুক্ত মৃগেন শইকীয়া ৩ বছৰৰ বেছি পলাটক হৈ থাকি ৰাজসাক্ষী হৈ জামিন লাভ কৰি এতিয়া ৰাজ আতিথ্য ভোগ কৰি আছে।দুদিনমানৰ পিছত হয়তো ৰাকেশ পালৰ ভায়েক ৰাজীৱ পালেও এইদৰে হয়তো জামিন লাভ কৰিব।যোৱা কিছুদিনত বিতৰ্কিত সংযুক্ত প্ৰতিযোগিতা পৰীক্ষা ২০১৩ চনৰ একাংশ বিষয়াই আনকি উপ পৰিদৰ্শক নিযুক্তি কেলেংকাৰীৰ পৰা আৰম্ভণি কৰি GEE মেইন কেলেংকাৰী তদন্ত চলি আছে। উপ পৰিদৰ্শক কেলেংকাৰীও হয়তো এ.পি.এছ.চি কেলেংকাৰীৰ নিচিনা যাতে নহয় কাৰণ যেতিয়াই কোনো প্ৰভাৱশালী ব্যক্তি বা ৰাজনৈতিক নেতাৰ নাম সাঙোৰ খাই তদন্ত লেহেমীয়া হৈ যায়।