সোমবাৰে জনতা ভৱনত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ শুভাৰম্ভ কৰে ৷ আঁচনিখন মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে কয় যে অৰুণোদয়ৰ দ্বাৰা উপকৃত হ’ব ২০ হাজাৰৰ পৰা ১৮ লাখ পৰিয়াল ৷ মঙলবাৰে এই আঁচনিৰ পুঁজি লাভ কৰিব হিতাধিকাৰীয়ে ৷ এই আচঁনিৰ ধন হিতাধিকাৰীৰ কেৱল মহিলাৰ একাউন্টতহে সোমাব ৷ বিটিএডিক বাদ দি ৰাজ্যৰ ২৯খন জিলাৰ ২২৯টা খণ্ডৰ ২৮,৩২৭খন সামৰি ল’ব অৰুণোদয় আচঁনিয়ে ৷ ২,৮০০ কোটি ব্যয়েৰে আঁচনিখনেৰে লাভান্বিত হ’ব ৰাজ্যৰ প্ৰায় ৯০ লক্ষাধিক লোক ৷ আৰ্থিকভাৱে পিছপৰা পৰিয়াললৈ প্ৰতি মাহত ৮৩০ টকা সাহায্য লাভ কৰিব ৷ পোনে পোনে গৃহিণীৰ একাউণ্টত অৰুণোদয়ৰ ধন প্ৰদান কৰা হ’ব ৷ প্ৰত্যেক হিতাধিকাৰীৰ ঘৰত ‘অৰুণোদয় ’ আঁচনিৰ সুবিধা লাভ কৰিব ৷ এই আঁচনিৰ নামত ৰাজ্য চৰকাৰে ব্যয় কৰিব ১৮০ কোটি টকা আৰু বছৰি ব্যয় হব ২,৪০০ কোটি টকা৷ সুষম আহাৰ, ঔষধ ক্ৰয়ৰ বাবে চৰকাৰৰে এই সাহায্য লাভ কৰিব ৷ প্ৰত্যেক মাহৰ শেষৰ সপ্তাহত লাভ কৰিব ধন হিতাধিকাৰীয়ে৷ সুষম আহাৰ, ঔষধ ক্ৰয়ৰ বাবে চৰকাৰৰে এই সাহায্য লাভ কৰিব ৰাইজে ৷ প্ৰত্যেক মাহৰ শেষৰ সপ্তাহত লাভ কৰিব ধন হিতাধিকাৰীয়ে ৷ এই আঁচনিৰ নামত ৰাজ্য চৰকাৰে ব্যয় কৰিব ১৮০ কোটি টকা আৰু বছৰি ব্যয় হ’ব ২,৪০০ কোটি টকা৷ কোনো চৰকাৰী চাকৰি কৰা ব্যক্তিৰ ঘৰত যদিহে এই আচঁনিৰ ধন লাভ কৰে তেন্তে চাকৰি কৰা ব্যক্তিৰ দৰমহাৰ পৰা এই ধন কৰ্তন কৰা হ’ব বুলি জানিবলৈ দিয়ে বিত্তমন্ত্ৰী মন্ত্ৰী হিমন্ত শৰ্মাই৷