এম ডি এইচ মছলাখ্যাত ধৰ্মপাল গুলাটীৰ ৯৭ বয়সত দেহাৱসান ৷ দেশ বিদেশত বিপুল সমাদৰ লাভ কৰা এম ডি এইচ মছলাৰ স্বত্বাধিকাৰী গুলাটীয়ে ক’ৰোনাকো পৰাজয় কৰি অৱশেষত হৃদযন্ত্ৰ বিকল হৈ দিল্লীৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। ১৯২৩ চনৰ ২৭ মাৰ্চত তেতিয়াৰ পাকিস্তানৰ শিয়ালকোটত গুলাটীৰ জন্ম হৈছিল। ভাৰত-পাক বিভাজনৰ পিছত গুলাটী দিল্লীলৈ আহে আৰু নিজৰ ব্যৱসায় আৰম্ভ কৰে।ভাৰতীয় বিজ্ঞাপন জগতত এম ডি এইচৰ মছলাৰ বিজ্ঞাপনটো খুবেই জনপ্ৰিয় আছিল ৷ বিজ্ঞাপনটোত নিজেই অভিনয় কৰিছিল এম ডি এইচ মছলাৰ সঞ্চালক ধৰ্মপাল গুলাটীয়ে।ব্যৱসায় আৰু উদ্যোগ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে ২০১৯ বৰ্ষত ধৰ্মপাল গুলাটীক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে পদ্মভূষণ বঁটাৰে সন্মানিত কৰিছিল।