নিৰ্বাচনৰ সময়ত দুৰ্নীতি, ভ্ৰষ্টাচাৰ নিৰ্মূলৰ প্ৰতিশ্ৰুতি দিয়া শাসনাধিষ্ঠ চৰকাৰখনে বাৰে বাৰে সোমাই পৰিছে কেলেংকাৰীত ৷ অৰুণোদয় আচঁনি মুকলি কৰি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ দুৰ্নীতিবিহীনভাৱে আচঁনিখন আগুৱাই নিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া সম্পূৰ্ণ হৈ নুঠিল ৷ ২ ডিচেম্বৰত বহু কেইগৰাকী দৰিদ্ৰ মহিলাই বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আগভেটি ধৰি অভিযোগ কৰে যে তেওঁলোকৰ ঘৰত বিধৱা, অবিবাহিত আৰু বিবাহ বিচ্ছেদিত মহিলা থকা সত্ত্বেও এই আচঁনিৰ ফল ভোগ কৰা নাই আৰু ধনী, বিলাসী জীৱন-যাপন কৰা ঠিকাদাৰ, চৰকাৰী চাকৰিয়ালৰ পত্নীয়ে লাভ কৰিছে এই আচঁনিৰ সুবিধা ৷ ঠিক একেদৰে কৃষি সন্মান নিধি আচঁনিতো ভয়ংকৰ কেলেংকাৰীত সোমাই পৰিছে মোডী চৰকাৰ ৷ কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ জিলাতেই ৩০,৫২৪ ভূৱা কৃষক ধৰা পৰিছে৷ এয়াই নহয়, জিলাই, জিলাই ভূৱা কৃষকৰ পৰা উলিয়াই নিয়া হ’ল আচঁনিৰ ধন ৷ কৃষক নিধি আঁচনিৰ অধীনত প্ৰতিজন কৃষকলৈ তিনিটা কিস্তিত দুহাজাৰ টকাকৈ বছৰি ৬ হাজাৰ টকা কৃষকে লাভ কৰে | কিন্তু এই আচঁনিৰ নামত শিৱসাগৰত ২,৩৩১, গৰাকী, চৰাইদেউ জিলাত ৪,৮৬৭ গৰাকী ভুৱা কৃষকৰে ধৰা পৰিল | প্ৰকৃত কৃষক বঞ্চিত কৰি ভূৱা নামী দামী কষকৰ একাউণ্টত সোমাল কৃষক সন্মান নিধি আঁচনিৰ ধন ৷
সেয়েহে কৃষক সন্মান নিধি আচঁনিৰ কেলেংকাৰীক উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হৈছে এখন আৱেদন ৷