নিউজ ডেস্কঃ অসম চৰকাৰৰ এ পি ডি চি এল ব্যক্তিগতকৰণ পদক্ষেপক বিৰোধীতা কৰি আজি বৃহস্পতিবাৰে পল্টন বজাৰৰ সমীপত থকা বিজুলী ভৱনৰ পৰা এখন প্ৰতিবাদী কাৰ্যসূচী উলিয়াই ৷ প্ৰতিবাদী কাৰ্যসূচীত ভাগ লয় AJP, ৰাইজৰ দল, আঞ্চলিক গণ মৰ্চা, CPI-M, CPI, CPIM-L, RCPI , LDP, AAP, RJD অসম সংগ্ৰামী মঞ্চই ৷
ক’ৰোনা মহামাৰীৰ বন্ধৰ মাজতে মোডী চৰকাৰে পুঁজিপতিসকলৰ সৈতে আলোচনাত মিলিত হৈ এ পি ডি চি এল ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ ইয়াৰ পূৰ্ৱে কেন্দ্ৰীয় চৰকাৰে বিজুলী সংশোধন বিধেয়ক ২০২০ ৰ প্ৰস্তাৱ ৰাখিছিল যদিও ৰাজ্যসভাত গৃহীত নহ’ল ৷ যদি এই বিলখন ৰাজ্য ৰাজ্যসভাত গৃহীত হয় তেতিয়া হ’লে এ পি ডি চি এলৰ সম্পূৰ্ণ অধিকাৰ ব্যক্তিগতখণ্ডৰ হাতলৈ যাব ৷ লগতে বিজুলী বিল বঢ়িব আৰু প্ৰায় ১৫,০০০ কৰ্মচাৰী নিবনুৱা হৈ পৰিব ৷ উল্লেখযোগ্য যে,অনাগত সময়ত চৰকাৰে এই বিষয়ৰ ওপৰত কি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়াহে লক্ষ্যনীয় হ’ব।