নিউজ ডেস্কঃ অসমত আগ্নেয়াস্ত্ৰ মানে পিষ্টল বা বন্দুক লাভ কৰিবলৈ এতিয়া বেছি অসুবিধা নাই নেকি? নে ক্ৰমাৎ অসমৰ লোকৰ মাজত মৃত্যুভয় বৃদ্ধি পাইছে? অসমত মাত্ৰ দুটা বছৰতে পাচ শতাধিক লোকে লাভ কৰিছে লগত আগ্নেয়াস্ত্ৰ ৰখাৰ অনুজ্ঞা। এই পৰিসংখ্যা নিসন্দেহে শংকাজনক। কিন্তু এয়াই সত্য। ২০১৮ চনৰ ১ জানুৱাৰীৰ পৰা চলিত বৰ্ষৰ ১৫ ছেপ্তেম্বৰলৈ অসমৰ ৬২ গৰাকী লোকক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ পত্ৰ প্ৰদান কৰা হৈছে। এই ভয়ংকৰ তথ্য আগবঢ়াইছে খোদ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। যিটো সময়ত অসমত আলফা এনডিএফবিয়ে গিজগিজাই আছিল, তেনেসময়তো কিন্তু অসমত ৬২ গৰাকীকৈ লোকক আগ্নেয়াস্ত্ৰ প্ৰদানৰ কোনো তথ্য নাই। আনকি তৰুণ গগৈ চৰকাৰৰ শেষৰটো কালছোৱাত, অৰ্থাৎ শেষৰ পাচবছৰতো মাত্ৰ ৩২ গৰাকী লোককহে দিয়া হৈছিল অস্ত্ৰ লগত ৰখাৰ অনুজ্ঞা।
তাৰ অৰ্থ অসম ক্ৰমাৎ অশান্তিজৰ্জৰ হৈ পৰিছে নেকি? অসমৰ পৰিস্থিতি বিহাৰ, ঝাৰখণ্ডতকৈও বেয়া হৈ পৰিছে নেকি? পৰিসংখ্যাই কিন্তু তাকেই কয়। বিহাৰৰ দৰে মাওবাদী অধ্যুষিত ৰাজ্যতো বিগত আঢ়ৈটা বছৰত, অৰ্থাৎ ২০১৮ চনৰ ১ জানুৱাৰীৰ পৰা ২০২০ চনৰ ১৫ ছেপ্তেম্বৰলৈ ৬৮ গৰাকী লোককহে আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়া হৈছে। অৰ্থাৎ অসমতকৈ মাত্ৰ ৬ গৰাকী লোকক বেছিকৈ দিয়া হৈছে এই অনুজ্ঞা। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তথ্য মতে এই সময়ছোৱাত ঝাৰখণ্ডত ৩৮ গৰাকীক, কৰ্ণাটকত ৩৬ গৰাকীক, কেৰেলাত ৩৩ গৰাকীক, ওড়িশাত ২৭ গৰাকীক আৰু তেলেংগানাত ৫৬ গৰাকী লোকক অনুজ্ঞাপত্ৰ দিয়া হৈছে। অৰ্থাৎ অসমৰ আইন শৃংখলাজনিত পৰিস্থিতি এই ৰাজ্যকেইখনতকৈ অধিক শোচনীয় নেকি? এই সন্দৰ্ভত Headline8 ক এইদৰে ক’লে অসম আৰক্ষীৰ বিশেষ শাখাৰ আইজিপি হীৰেণ নাথে।
“বন্দুক বা আগ্নেয়াস্ত্ৰ ৰখাৰ অনুজ্ঞাপত্ৰ জিলা উপায়ুক্তইহে দিয়ে। গতিকে কি পৰিস্থিতিত উপায়ুক্তই সেই অনুজ্ঞাপত্ৰ দিছে, তেওঁলোকেহে ক’ব পাৰিব। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি নিম্নগামী হৈছে। বহু লোকে আজিকালি ব্যৱসায়িক কাম-কাজৰ সুৰক্ষাৰ বাবেও আগ্নেয়াস্ত্ৰ লগত ৰাখিবলগীয়া হয়।”
অৱশ্যে এইখিনি সময়তে জম্মু কাশ্মীৰত ১৭,৯০৫ গৰাকী আৰু উত্তৰ প্ৰদেশত ৯৫২ গৰাকী লোকক দিয়া হৈছে অনুজ্ঞা। মাওবাদীৰ ভাবুকি থকা মধ্যপ্ৰদেশতো ৬৬৬ গৰাকী লোকক দিয়া হৈছে অস্ত্ৰ-শস্ত্ৰ ৰখাৰ অনুজ্ঞা। আনফালে অস্ত্ৰ নিজৰ জিম্মাত ৰখাৰ অনুজ্ঞাপত্ৰৰ নবীকৰণৰ ক্ষেত্ৰতো অসম পিছ পৰি থকা নাই।
২০১৮ চনৰ ১ জানুৱাৰীৰ পৰা ১৫ ছেপ্তেম্বৰৰ সময়ছোৱাত ৪৪৩ গৰাকী লোকে নবীকৰণ কৰিছে তেওঁলোকৰ অনুজ্ঞাপত্ৰ। অৰ্থাৎ বৰ্তমান অসমৰ ৫০৫ গৰাকী লোকৰ হাতত আছে অনুজ্ঞাপ্ৰাপ্ত আগ্নেয়াস্ত্ৰ। এই সময়খিনিতে কৰ্ণাটকৰ ১৯২ গৰাকী লোকে, কেৰেলাৰ ২৯১ গৰাকী লোকে, বিহাৰত ৪৮৬৯ লোকে এই অনুজ্ঞাপত্ৰ নবীকৰণ কৰিছে। উগ্ৰপন্থী, মাফিয়া, অধ্যুষিত ৰাজ্যসমূহত মানুহৰ জীৱনৰ প্ৰতি ভাবুকি থকাটো স্বাভাৱিক, ঠিক তেনেদৰে আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ সংখ্যা বৃদ্ধি পোৱাও স্বাভাৱিক। কিন্তু উগ্ৰপন্থীৰ সমস্যা ক্ৰমাৎ শেষ হৈ অহা অসমত কিয় এনে বৰ্ধিত হাৰত মানুহে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ ল’বলগীয়া হৈছে।
উল্লেখযোগ্য যে এগৰাকী ভাৰতীয় নাগৰিকে ৰাজ্য চৰকাৰৰ জৰিয়তেহে লগত অস্ত্ৰৰ ৰখাৰ অনুমতি বিচাৰি আবেদন কৰিব পাৰে। আৰু ভাৰত চৰকাৰৰ অস্ত্ৰ আইন ১৯৫৯ অনুসৰি জীৱনৰ প্ৰতি নিৰ্দ্দিষ্ট ভাবুকি থকা লোককহে স্থানীয় জিলাৰ উপায়ুক্তৰ জৰিয়তে এই অনুজ্ঞা প্ৰদান কৰা হয়। এই ভাবুকিৰ প্ৰমাণ দিব নোৱাৰিলে অনুজ্ঞাৰ বাবে কৰা আবেদনো বাতিল হয়। কিন্তু শেহতীয়াকৈ ব্যৱসায়ৰ পৰিপ্ৰেক্ষিতত আৰু পৰ্যাপ্ত পৰিমাণৰ নগদ ধনৰ লেনদেন কৰা ব্যৱসায়ীসকলেও সুৰক্ষাৰ স্বাৰ্থত অস্ত্ৰ লগত ৰখাৰ অনুজ্ঞা পত্ৰ লাভ কৰিছে। Headline8 সৈতে হোৱা এক বাৰ্তালাপত নাম প্ৰকাশত অনিচ্ছুক ডিব্ৰুগড়ৰ এগৰাকী ব্যৱসায়ীয়ে এইদৰে কয় –
“মই ব্যৱসায়ী মানুহ, গতিকে বহুসময়ত হেভী কেশ্বত ডীল কৰিবলগীয়া হয়। গতিকে সুৰক্ষাৰ বাবেই মই এই অনুজ্ঞাপ্ৰাপ্ত আগ্নেয়াস্ত্ৰ লগত ৰাখিছো। আচলতে দুবছৰ পূৰ্বেই মই ইয়াৰ অনুজ্ঞাপত্ৰ লাভ কৰিছো।”
গতিকে এই সমগ্ৰ তথ্যৰাজিৰ পৰা আমি ক’ব পাৰো যে উগ্ৰবাদৰ সমস্যা অসমত প্ৰায় শেষ হ’লেও কিন্তু শংকা শেষ হোৱা নাই অসমত। ভয় ভাবু্কি শেষ হোৱা নাই। উদ্বেগজনক পৰিৱেশ শেষ হোৱা নাই। এইখিনিতে আন এক তাৎপৰ্যপূৰ্ণ দিশ যে এই অনুজ্ঞাপত্ৰ লাভ কৰাৰ পিছত আপুনি জিম্মাত ৰাখিবলগীয়া পিষ্টল বা বন্দুকটোৰ মূল্য কিন্তু লক্ষাধিক। গতিকে এই মূল্য বহন কৰিবলৈ আপুনি হ’ব লাগিব প্ৰতিপত্তিশালী। কিন্তু কিহৰ ভয়ৰ বাবে অসমৰ লোকে ল’বলগীয়া হৈছে আগ্নেয়াস্ত্ৰৰ সহায়? ক’ৰ পৰা আহিছে এই ভাবুকি? অনাগত সময়ত এই প্ৰশ্নই কিন্তু শংকিত কৰিব অসমবাসীক।