নিউজ ডেস্কঃ কাইলৈ পুৱা ৮বজাৰ পৰা ভাৰত বন্ধ।কেন্দ্ৰৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে বিক্ষোভৰ মাজতে কৃষক সংগঠনে ৮ ডিচেম্বৰত ভাৰত বন্ধৰ আহ্বান দিছে।কংগ্ৰেছ, টি আৰ এছ, দ্ৰমুক, শিৱসেনা, সপা, আপসহ অন্য পাৰ্টিয়ে কেন্দ্ৰ চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে কৃষক সংগঠনে দিয়া ভাৰত বন্ধলৈ নিজৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে।কৃষক সংগঠনৰ ভাৰত বন্ধত জৰুৰীকালীন সেৱাহে অব্যাহত থাকিব।উল্লেখযোগ্য যে, কৃষকৰ এই প্ৰতিবাদ ১১টা দিন অতিক্ৰম কৰাৰ পাছতো কৃষক সংগঠন আৰু চৰকাৰৰ মাজত এই পৰ্যন্ত আলোচনাৰ কোনো সুফল ওলোৱা নাই।
কি কি খোলা থাকিব ?
১) এম্বুলেন্স আৰু জৰুৰীকালীন সেৱাসমূহক ৰেহাই দিয়া হৈছে।
২) বিবাহ,মাংগলিক কাৰ্যৰ অনুষ্ঠানসমূহক ৰেহাই দিয়া হৈছে।
কি কি বন্ধ থাকিব ?
১)সম্পূৰ্ণৰূপে বন্ধ থাকিব দোকান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ।
২)সন্ধিয়ালৈকে যান-বাহনৰ চলাচল বন্ধ থাকিব।
৩)সকলোধৰণৰ বজাৰ বন্ধ থাকিব।
৪)গাখীৰ,ফল-মূল,শাক-পাচলিৰ সেৱা বন্ধ থাকিব।