নিউজ ডেস্কঃ দুৰ্নীতি ভ্ৰষ্টাচাৰ নিকাৰ জয়গান গোৱা সোণোৱাল চৰকাৰ এইবাৰ নলা নিষ্কাশনৰ কেলেংকাৰীত সোমাই পৰিল | মহানগৰীৰ নলা নিষ্কাশনৰ নামত গুৱাহাটী পৌৰ নিগমৰ বিৰুদ্ধে লক্ষাধিক টকা আত্মসাতৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে | ‘ৰাজগড় ইনাৰ ড্ৰেইন’ পৰিষ্কাৰৰ নামত কেইবালাখ টকাৰ কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে নতুনকৈ | সেইদৰে চান্দমাৰিৰ ৰে’ললাইনৰ পৰা অনিল নগৰ শ্লুইচ গে’ট সংযোগী নলাটোৰ পৰিষ্কাৰৰ বাবদ ২০১৮ চনৰ পৰা ২০২০ চনলৈ মুঠ ৩০,৬০,৬৬১,৭০ টকা আৱণ্টন দিয়া দিয়া হৈছিল চৰকাৰৰ তৰফৰ পৰা | ১১ মিটাৰ দৈৰ্ঘ্যৰ নলাটো চাপ-চিকুনত দুবছৰ সময় লয়ো নিষ্কাশনৰ কোনো ফল নধৰিল ৷ যাৰ ফলত অনিল নগৰ উন্নয়ন সমিতিয়ে ঠিকাদাৰ সুৰেন দাসৰ নামত এক গুৰুতৰ অভিযোগ আনিছে |ঠিকাদাৰ সুৰেন দাসে নলা নিষ্কাশনৰ নামত লক্ষাধিক টকা আত্মসাৎ কৰিছে |অনিল নগৰত থকা প্ৰায় ১০০ ফুট আৰু ৯০ ফুট দৈৰ্ঘ্যৰ দুটাকৈ “চাম্প ৱেল” এতিয়াও আৱৰ্জনাৰে ভৰি আছে | নিষ্কাশনৰ অভাৱত সম্প্ৰতি বোকা, জাৱৰ-জোঁথৰ আৱৰি “চাম্প ৱেল”ত এক মিটাৰ গভীৰতাৰ আছে পানী | “ৰাজগড় ইনাৰ ড্ৰেইন” আৰু “চম্পা ৱেল” নিষ্কাশনৰ বাবে পৌৰ নিগমৰ কৰ্তৃপক্ষক দাবী জনাই অহা সত্ত্বেও আজিলৈ পৌৰ নিগমৰ কোনো সহাৰি নাপালে ৷