নিউজ ডেস্কঃ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱালা আৰু সাধাৰণ সম্পাদক পবন বেদীয়াই এক প্ৰেছ বিবৃতি যোগে জনাই যে অসম চৰকাৰে চাহ আৰু প্ৰাক্তন চাহ শ্ৰমিকৰ বাবে সংৰক্ষিত কৰা বিভিন্ন বিভাগৰ আসনসমুহ দীৰ্ঘদিন ধৰি একাংশ অনা চাহ জনগোষ্ঠী লোকে ভুৱা জাতিগত প্ৰমাণ পত্ৰৰ জৰিয়তে দখল কৰি আহিছে | শেহতীয়াকৈ চিকিৎসা শিক্ষাৰ এমবিবিএছ আৰু বিডিএছ ৰ ২০২০ -২০২১ শিক্ষা বৰ্ষৰ পাঠ্যক্ৰমত সমৰক্ষিত ২১ খন আসনৰ ১২ খন খনেই অনা চাহ জনগোষ্ঠীৰ ছাত্ৰই দখল কৰিছে | এই বৰ্ষৰ নৱেম্বৰৰ ১৪ তাৰিখে আটাছাই স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি সমগ্ৰ বিষয়টো অৱগত কৰিছিল |
সেইমৰ্মে চিকিৎসা শিক্ষা সঞ্চালকে ১৬ নৱেম্বৰ তাৰিখে DME/UG/126/2020/16256-7 নং নিৰ্দেশ যোগে চাহ আৰু প্ৰাক্তন চাহ কৰ্মীৰ সংৰক্ষিত আসনৰ নামভৰ্তি স্থগিত ৰাখিছে | দীৰ্ঘদিনৰ পৰা চলি অহা এই জালিয়তি প্ৰক্ৰিয়াৰ বাবে চাহ জনজাতিৰ ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে দুৰ্বল কৰি তুলিছে |কিয়নো ভুৱা জাতিগত প্ৰমাণ পত্ৰ পোৱাটো বৰ্তমান একেবাৰে সহজলভ্য হৈ পৰিছে | যাৰ ফলত সমান্তৰালভাৱে চাহ জনগোষ্ঠীয়ে বিভিন্ন কামত চৰকাৰী সুবিধাত নাম থকাৰ পৰা বঞ্চিত হৈ আহিছে | উল্লেখ্য যে আটাছাৰ এই দাবী আজি লৈ সমাধান কৰিব পৰা নাই লগতে বিসংগতি পৰিলক্ষিত হৈছে |