নিউজ ডেস্কঃ কোকৰাঝাৰৰ সংবাদ মেলত প্ৰমোদ বড়োই দৃঢ়তাৰে কয় যে হাগ্ৰামাৰ ১.৬ কোটি আৰু ১.৯ কোটি টকাৰ দুখন গাড়ী আৰু মহিলাৰীৰ পত্নীৰ নাম আছে ৩৮ টা বেংক একাউন্ট। য’ত প্ৰায় ১৯০ কোটি টকাৰ গাপ দি ৰাখিছে হাগ্ৰামা মহিলাৰীয়ে। সেযেহে ইয়াৰ চি বি আই তদন্ত হ’ব লাগে বুলি দাবী উত্থাপন কৰে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে।
ৰাজনৈতিক ক্ষেত্ৰখনত আহি মহিলাৰীয়ে বিভিন্ন স্থানত হোটেল, মাৰ্কেট কমপ্লেক্স, এপাৰ্টমেন্ট আদি নিৰ্মাণ কৰিছে। দিল্লী, মুম্বাই, কলকতা, চেন্নাই আদি অঞ্চলত মহিলাৰীয়ে বিশাল সম্পতি গঢ়িছে। কিন্তু হাগ্ৰামা মহিলাৰীয়ে এই অগাধ সম্পত্তিৰ কথা কেতিয়াও ৰাজহুৱা কৰা নাই। মহিলাৰীয়ে বিটিএডিত প্ৰথমবাৰৰ নিৰ্বাচন খেলোতে মনোনয়ন পত্ৰৰ সৈতে শূন্য বেলেন্স দেখুৱাইছিল। তেনেক্ষেত্ৰত মহিলাৰীয়ে ১৭টা বছৰত দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰেৰে অগাধ সম্পত্তিৰ মালিক হলগৈ।