নিউজ ডেস্কঃ ৰাজনৈতিক পথাৰখনত সকলোৰে চকুৰ কুটা দাঁতৰ শাল হৈ পৰিছে হাগ্ৰামা মহিলাৰী। বিটিএডিত ১৭ বছৰ শাসন চলোৱা হাগ্ৰামাক এইবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগভেঁটি ধৰিলে। অপমানসূচক মন্তব্য কৰি হিমন্তই কয় যে হাগ্ৰামাই থাকিব খুজিলে এপ্ৰিললৈকে থাকিব পাৰিব বিজেপি চৰকাৰৰ লগত ৷ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰেৰে পৰ্বতসম সম্পত্তিৰ মালিক হোৱা মহিলাৰী দেশৰ প্ৰখ্যাত পুঁজিপতি মুকেশ আম্বানিতকৈও বেছি গাড়ী আৰু সম্পত্তিৰ মালিক ।দুৰ্নীতিৰে বিগত ১৭ বছৰ বিটিচিত অবাধ লুন্ঠন চলাই অহা বিপিএফৰ সৈতে ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে পুনৰ মিত্ৰতা নকৰে । উল্লেখযোগ্য যে ২০১৬ চনত বি পি এফৰ সৈতে বিজেপি ৫ বছৰৰ বাবে মিত্ৰতা হৈছিল। এই মিত্ৰতাৰ ম্যাদ অহা বছৰ এপ্ৰিললৈকে আছে। গতিকে বিপিএফৰ তিনিটা কেবিনেট মন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰি থকা বিপিএফৰ তিনিজন বিধায়কে ইচ্ছা কৰিলে চৰকাৰৰ পৰা এতিয়াই ওলাই যাব পাৰে।
দুৰ্নীতিৰ পৃষ্ঠপোষক হাগ্ৰামাৰ বেংক একাউন্ট পঞ্চাশটা আৰু গাড়ীৰ পৰিমাণ ৫৬ খন। সৰ্বাধিক বেংক একাউন্ট থকা হাগ্ৰামা মহিলাৰীয়ে হৈছে ভাৰতৰ একমাত্ৰ ৰাজনীতিক নেতা। সেয়েহে মহিলাৰী নাম গীনিজ বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ক্তভু হ’ব লাগে বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অপমানসূচক মন্তব্য আগবঢ়াইছে৷ ৷