নিউজ ডেস্কঃ ক’ভিড চিকিৎসা আৰু জৰুৰীকালীন সেৱাক ৰেহাই প্ৰদান কৰাৰ উদ্দেশ্যে আজি চিকিৎসক সন্থাই তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ চিকিৎসকৰ এই প্ৰতিবাদত দেশৰ লগতে অসমতো বন্ধ হৈ পৰিছে চিকিৎসা সেৱা ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ কৰে চিকিৎসকসকলে ৷
কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া নীতিৰ বিৰুদ্ধে পুৱা ৬ বজাৰ পৰা ১২ ঘণ্টাৰ বাবে বন্ধ কৰিছে চিকিৎসা সেৱা ৷ চিকিৎসকৰ এই অসহযোগ প্ৰতিবাদক সমৰ্থন জনাইছে অসম চিকিৎসা সেৱা সন্থাইয়ো৷ কেন্দ্ৰীয় চৰকাৰে আয়ুৰ্বেদিক-এলপেথিকক চিকিৎসাক একত্ৰ কৰাৰ যি প্ৰচেষ্টা তাৰ বিৰোধিতাৰে এই প্ৰতিবাদ সাৱ্যস্ত কৰে ৷