নিউজ ডেস্কঃ বিটিচি নিৰ্বাচনৰ ভোট গণনা তীব্ৰ প্ৰতিদ্বন্দিতা ইউ পি পি এল আৰু বি পি এফৰ মাজত। এইবাৰ ৰাইজে বিটিচিৰ শাসনভাৰ কাক প্ৰদান কৰিব সেয়া হৈছে উল্লেখনীয় ৷ বিটিচিত ১৭ বছৰ শাসন চলোৱা বি পি এফক পুনৰ প্ৰদান কৰিব নেকি বিটিটিৰ দায়িত্ব ৷ ৰাইজেই সিদ্ধান্ত ল’ব বিটিচিত এইবাৰ ৰজা পাতিব কাক ৷
ইতিমধ্যে চন্দন ব্ৰহ্মই দৃঢ়তাৰে কয় যে মোৰ হাঁহিটো চা, বিপিএফৰ জয় নিশ্চিত। এইক্ষেত্ৰত চন্দন ব্ৰহ্মৰ হাঁহিটো কিমান সময়ৰ বাবে মুখত উজ্জ্বলাই থাকিব সেয়া সম্পূৰ্ণ ভোট গণনাৰ পিছত গম পোৱা যাব ৷
উল্লেখ্য যে এতিয়ালৈ ইউ পি পি এল বিপিএফতকৈ পৰ্যাপ্ত ভোটত আগবাঢ়ি আছে ৷ ইউপিপি এলে বৰ্তমানলৈ লাভ কৰিছে ২২ খন আসন, তাৰবিপৰীতে বিপিএফে লাভ কৰিছে ৭খন, বিজেপিয়ে লাভ কৰিছে ৮খন আসন, আনহাতে গন সুৰক্ষা প্ৰাৰ্থীয়ে লাভ কৰিছে ২খন আৰু কংগ্ৰেছে এখনকৈ আসন লাভ কৰিছে ৷ বৰ্তামানলৈ সুচাৰুৰূপে চলি আছে বিটিচিৰ ভাোট গণনা৷ কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নহ’বলৈ প্ৰশাসনে কটকটীয়া নিৰাপত্তা বাহিনী গ্ৰহণ কৰিছে ৷