নিউজ ডেস্কঃ আজি পাণবজাৰত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে সংবাদমেল যোগে আনুষ্ঠানিক ভাবে ঘোষণা কৰে যে অহা ১৬-১৭ ডিচেম্বৰত অসম জাতীয় পৰিষদত প্ৰত্যক্ষ ভাৱে যোগদান কৰিব তেওঁ ৷ লগতে এই বুলিও কয় যে অসমখনৰ সপোনবোৰক বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আগন্তুক যাত্ৰা আৰম্ভ কৰিব ৰাজনৈতিক দলৰ যোগেদি ৷ জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদেহে জাতীয় সমস্যাসমূহৰ সমাধান কৰিব পাৰিব বুলি মত প্ৰকাশ কৰাৰ লগতে লুৰীণজ্যোতিয়ে অসম জাতীয় পৰিষদ দলত সকলোকে যোগদানৰ বাবে আহ্বান জনায় ৷
: