নিউজ ডেস্কঃ আজি দিছপুৰত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলত যোগে আনুষ্ঠানিকভাৱে ধৰ্মীয় পাঠ বন্ধ কৰি মাদ্ৰাছাসমূহ সাধাৰণ স্কুল কৰাৰ কথা ঘোষণা কৰে ৷ ১ জানুৱাৰীৰ পৰা সামাজিক দূৰত্ব আৰু মাস্ক ব্যৱহাৰৰে নিয়মীয়াকৈ ৰাজ্যত বিদ্যালয়সমূহ খুলিব বুলি সংবাদমেলত জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী গৰাকীয়ে ৷ ৰাজ্যত মুঠ ১৮৯ খন মাদ্ৰাছা স্কুল আছে ৷ এতিয়ালৈ ছেবাই মাদ্ৰাছা স্কুলসমুহৰ পৰীক্ষা অনুষ্ঠিত কৰি আহিছিল ৷ কিন্তু ২০২২ চনত ৰাজ্যত মাদ্ৰাছা ব’ৰ্ড ভংগ হ’ব আৰু ২০২২ চনৰপৰা মাদ্ৰাছাত কোনো পৰীক্ষা অনুষ্ঠিত নহয় বুলি মত প্ৰকাশ কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰোপৰি শিক্ষামন্ত্ৰী হিমন্তই কয় যে সকলো বিদ্যালয় ‘Director of secondary education’ৰ অধীনত আহিব লগতে মাদ্ৰাছাসমূহক সাধাৰণ শ্ৰেণীৰ বিদ্যালয়লৈ ৰূপান্তৰ কৰা হ’ব ৷ ইয়াৰ পিছৰ পৰাই ৰাজ্যত আঁতৰ কৰা হ’ব ‘হাই মাদ্ৰাছা ’ শব্দটো ৷ ২০২২ৰ পৰা হাইস্কুল হিচাপে পৰীক্ষা দিব লাগিব মাদ্ৰাছাৰ শিক্ষাৰ্থীয়ে ৷ লগতে ৰাজ্যিক মাদ্ৰাছা ব’ৰ্ডৰ ভংগ কৰা হ’ব ৷ ২০২২ৰ পাছত আৰৱীক কাউঞ্চিল হায়াৰ ছেকেণ্ডৰী কাউঞ্চিললৈ ৰূপান্তৰিত হ’ব ৷ এই সন্দৰ্ভত পৰৱৰ্তী বিধানসভাত আইন প্ৰণয়ন কৰা হ’ব ৷ কোনোধৰণৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাত ধৰ্মীয় পাঠ নাথাকিব ৷ সংস্কৃত টোলসমূহতো ভাৰতৰ ইতিহাস আৰু সংস্কৃতি পঢ়াব লাগিব বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷ সংস্কৃত টোলসমুহ ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয়ৰ অধীনলৈ যাব ৷ য’ত ডিগ্ৰী আৰু ডিপ্লমাৰ ব্যৱস্থা থাকিব বুলি শিক্ষামন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷