নিউজ ডেস্কঃ মঙলবাৰে অসম গণ পৰিষদ দল ত্যাগ কৰে দলটোৰ জ্যেষ্ঠ বিধায়ক পবিন্দ্ৰ নাথ ডেকাই। পবিন্দ্ৰ ডেকাই জানিব দিয়ে যে জাতিধ্বংসী ‘কা’ৰ বিৰোধিতা কৰাৰ বাবেই বিধায়ক হোৱাৰ পিছতো তেওঁক বিধায়িনী দলৰ সভালৈ আমন্ত্ৰণ কৰা নাছিল ৷ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ বাবেই বিধায়ক পবিন্দ্ৰ ডেকাক বিগত এটা বছৰে আঞ্চলিক দলটোৰ পৰা এলাগী কৰি থোৱা বুলি মন্তব্য প্ৰকাশ কৰে ৷ পবিন্দ্ৰ ডেকাই এই বুলিও কয় যে ‘কা’ৰ বিৰোধিতা কৰাটো অগপৰ সৰ্বসম্মত সিদ্ধান্ত আছিল। সেয়ে জাতিৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবেই তেওঁ ’কা’ আইনখনক সদায়েই বিৰোধিতা কৰি যাব বুলিও কয়।
উল্লেখ্য যে শিৱসাগৰ অধিৱেশনত এজেপি-ত যোগদান কৰিব পবিন্দ্ৰ ডেকাই ৷