নিউজ ডেস্কঃ নতুনকৈ সুসজ্জিত হ’ব অসম আৰক্ষীৰ বীৰাংগনা বাহিনী ৷ এতিয়াৰে পৰা তেওঁলোক অধিক প্ৰশিক্ষিত হ’ব, যুঁজাৰু মানসিকতাৰ উদ্যমেৰে উদ্ভাসিত হ’ব ৷
তেওঁলোকক মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ মোকাবিলা কৰিব পৰাকৈ প্ৰস্তুত কৰি তোলা হ’ব ৷ বীৰাংগনাসকলক কমাণ্ডো প্ৰশিক্ষণৰ অধীনত বাস্তৱিক যুদ্ধ পৰিবেশত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷
সোমবাৰে অসম আৰক্ষীৰ ডিজিপি ভাস্কৰ জ্যোতি মহন্তই বীৰাংগানাসকলৰ প্ৰশিক্ষণৰ খতিয়ান লয় আৰু তেওঁলোকক মানসিক সাহস প্ৰদান কৰে৷