নিউজ ডেস্কঃ বিটিচি পৰিষদীয় নিৰ্বাচনত ৪ নং যমদুৱাৰ সমষ্টিৰপৰা বিপিএফৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি জয়যুক্ত হৈ বিজেপিলৈ যোৱা ৰেওৰেৱা নাৰ্জীহাৰীক গোঁসাইগাঁও জিলা বিপিএফৰ ধিক্কাৰ।
নৱ নিৰ্বাচিত পাৰিষদগৰাকীয়ে ৰাইজৰ আশা আকাংক্ষাক ধূলিস্যাৎ কৰি অকল নিজ ক্ষমতাৰ বাবে বিজেপিলৈ যোৱাৰ পিছমুহূৰ্ততে তেওঁক অনুসৰণ কৰি যমদুৱাৰ যুৱ বিপিএফৰ সভাপতি হাৰকুলিছ বাসুমতাৰীৰ লগতে যমদুৱাৰ ব্লক বিপিএফৰ সাধাৰণ সম্পাদক নীৰোদ নাৰ্জাৰীয়েও যোগদান কৰা পৰিলক্ষিত হয়।
উক্ত কাৰ্যক কেন্দ্ৰ কৰি সমষ্টিটোৰ পাৰিষদ ৰেওৰেৱা নাৰ্জীহাৰী, হাৰকুলিছ আৰু নিৰোদৰ প্ৰতিকৃতি দাহ কৰি বিশ্বাসঘাতক বুলি আখ্যা দিয়ে গোঁসাইগাঁও জিলা বিপিএফৰ সভাপতি তথা ২৮ নং বিধানসভাৰ বিপিএফ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে।