নিউজ ডেস্কঃ ১৭ বছৰে বিটিআৰত শাসন চলোৱা বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মানি ল’লে পৰাজয় ৷ বিটিআৰ নিৰ্বাচত ১৭খন আসনেৰে বিপুল ভোটত জয়লাভ কৰা হাগ্ৰামা থমকি ৰৈছিল একমাত্ৰ ৰাজনৈতিক দলসমূহৰ সঁহাৰি নোপোৱাত ৷ ১২খন আসনতে সীমাবদ্ধ থাকিও ইউ পি পি এলৰ প্ৰধান প্ৰমোদ বড়োৱে বিটিআৰৰ গাডীত বহিলে ৷ বিটিআৰৰ ৰাইজে প্ৰমোদ বড়োক নৱ-নিৰ্বাচিত মুখ্য কাৰ্যবাহী হিচাপে আদৰিলেও হাগ্ৰামাই কিন্তু মানি ল’ব পৰা নাছিল পৰাজয় ৷ সেই মৰ্মে বিটিআৰৰ গঠনৰ হুংকাৰও দিছিল হাগ্ৰামাই। এফালে বিটিআৰৰ নতুন মুখ্য কাৰ্যবাহী দায়িত্ব লৈয়েই প্ৰমোদ বড়োৰ কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত বিটিআৰত ৷
উল্লেখ যে হিমন্ত আৰু হাগ্ৰামাৰ মাজত এখন বৈঠকো হৈছিল ৷ এই বৈঠকৰ পিছতেই হাগ্ৰাৰৰ ওলোটা খৰ ৷ বিটিআৰত শাসন চলোৱাৰ আশা এৰি বিৰোধীৰ আসনত বহিব মহিলাৰীৰ নেতৃত্বত বিপিএফ দল।লগতে হাগ্ৰামাই এই বুলিও দৃঢ়তাৰে কয় যে ২০২১ৰ নিৰ্বাচনত বিপিএফৰ লগত বিজেপিৰ মিত্ৰতা সম্ভৱ নহব। অৱশ্যে আন দলৰ সৈতে মিত্ৰতাৰ দুৱাৰ খোলা থাকিব বিপিএফ প্ৰধান হাগ্ৰামাই ৷
আৰু অধিক তথ্য জানিবৰ বাবে আপুনি চাব পাৰে আমাৰ সদৌ প্ৰকাশিত ভিডিঅ’টো –