নিউজ ডেস্কঃ আজি সোণোৱাল চৰকাৰৰ মন্ত্ৰীগোটৰ বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত গ্ৰহন কৰা সিদ্ধান্তসমূহ হ’ল-
- বৈঠকতবড়ো ভাষাক চৰকাৰী সহযোগী ভাষাৰূপে স্বীকৃতি। এতিয়াৰে পৰা সহযোগী ভাষাৰূপে ব্যৱহৃত হ’ব বড়ো ভাষা।
- অসম মালা প্ৰকল্প আৰু বহিঃসাহাৰ্য্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ অধীনত ৰাজ্যিক ঘাইপথ আৰু জিলাসমূহৰ প্ৰধান পথসমুহ উন্নীতকৰণ ৷
- চৰকাৰী পথ নিৰ্মাণৰ বাবে মাটি অধিগ্ৰহণত নাথাকিব সমস্যা। মাটিৰ গৰাকীৰ পৰা বিভাগে পোনপটীয়াভাৱে ক্ৰয় কৰিব পাৰিব মাটি।
- অসম মালা আঁচনিৰ সকলো পথ বহল হ’ব। দুটাকৈ সঞ্চালকালয় হব সমাজকল্যাণ বিভাগত।
- মহিলা আৰু শিশু কল্যাণ সঞ্চালকালয় আৰু সামাজিক, ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়। নাবাৰ্ডৰ পৰা ৯১ কোটি টকা ঋণ গ্ৰহণৰ বাবে অনুমোদন।
- সৰ্বশিক্ষা অভিযান মিছনত অধীনৰ সকলো কৰ্মচাৰীৰ চাকৰি ৬০ বছৰলৈ নিশ্চিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় মন্ত্ৰীগোটৰ বৈঠকত।
- চৰকাৰী কৰ্মচাৰীৰ সমানে এন এইচ এমৰ কৰ্মচাৰীয়ে লাভ কৰিব সুবিধা।
- কোচ–ৰাজবংশী, মৰাণ, মটক পৰিষদৰ অন্তৰ্বৰ্তীকালীন পৰিষদ গঠনত অনুমোদন জনোৱা হয় এই বৈঠকত। বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদ গঠনতো অনুমোদন জনায়।
- অসম চিকিৎসা মহাবিদ্যালয়সমূহত শিক্ষক হিচাপে কৰ্মৰত চিকিৎসকসকলকৰ কেৰিয়াৰ প্ৰগ্ৰেশ্বন আঁচনি আজি বৈঠকত অনুমোদন কৰে ৷