নিউজ ডেস্কঃ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ‘লিজিয়ন অফ মেৰিট” সন্মান আগবঢ়াইছে আমেৰিকা যুক্তৰাষ্ট্ৰই ।আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নীত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা নেতৃত্বৰ বাবে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সন্মানিত কৰিছে এই সন্মান ৷ আমেৰিকাত থকা ভাৰতীয় ৰাষ্ট্ৰদূত তৰনজিত সিং সান্ধুৱে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ হোৱাইট হাউচত এই সন্মান গ্ৰহণ কৰে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰামৰ্শদাতা ৰবাৰ্ট অ’ব্ৰায়ানৰ পৰা ভাৰতৰ ৰাষ্ট্ৰদূত গৰাকীয়ে পুৰস্কাৰটো গ্ৰহণ কৰে।উল্লেখযোগ্য যে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপৰিও ৰাষ্ট্ৰপতি ট্ৰাম্পে অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰপতিলৈয়ো ‘লিজিয়ন অফ মেৰিট’সন্মান আগবঢ়ায়।