নিউজ ডেস্কঃ আজি ২৩ ডিচেম্বৰ, ৰাষ্ট্ৰীয় কৃষক দিৱস৷ সমগ্ৰ ভাৰততে ওলহ-মালহেৰে পালন কৰা হৈছে ৰাষ্ট্ৰীয় কৃষক দিৱস৷ কৃষিপ্ৰধান দেশ ভাৰতত এই দিৱসৰ যথেষ্ট গুৰুত্ব আছে৷ দেশৰ অন্নদাতাসকলক স্বীকৃতি দিয়াৰ বাবে তথা ভাৰতৰ পঞ্চমজন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ জন্মবাৰ্ষিকী উদযাপনৰ বাবে এই দিৱস পালন কৰা হয়৷
প্ৰধানমন্ত্ৰী চৰণ সিঙে ১৯৭৮ চনৰ ২৩ ডিচেম্বৰ তাৰিখে কৃষক ন্যাসৰ প্ৰতিষ্ঠা কৰিছিল৷ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত তেওঁ বহুকেইটা কৃষি উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰিছিল৷ ভাৰতীয় অৰ্থনীতিত কৃষকৰ অৱদান যে অনস্বীকাৰ্য সেয়া তেওঁ প্ৰক্ষেপিত কৰিছিল৷
শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বতো কৃষি আইনৰ সংস্কাৰ সাধন কৰা হৈছে৷ দেশৰ বিভিন্ন প্ৰান্তত কৃষকসকলে ইয়াক আদৰি লৈছে যদিও খোদ ৰাজধানীতেই কিছুসংখ্যক কৃষকে প্ৰদৰ্শন কৰিছে বিক্ষোভ৷
ৰাষ্ট্ৰীয় কৃষক দিৱসৰ প্ৰাকমুহূৰ্তত এই বিক্ষোভ যথেষ্ট উদ্বিগ্নতাৰ বিষয় হৈ পৰিছে৷ কেন্দ্ৰীয় নেতৃত্বই এই বিক্ষোভ কেনেদৰে দমন কৰে সেয়া হ’ব লক্ষণীয়৷