দেশৰ অন্নদাতা কৃষকসকলে কৃষি আইনৰ বিৰুদ্ধে তীব্ৰ আন্দোলন অব্যাহত ৰখাৰ মাজতে পুনৰ কৃষকক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অহা ২৫ ডিচেম্বৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্মদিনৰ দিনটোত কৃষকক সম্বোধন কৰিবলৈ সাজু হৈছে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে।উল্লেখ্য, দেশৰ ৯কোটি কৃষকক ভাৰ্চুৱেলী সম্বোধন কৰিব মোদীয়ে। কৃষি আইন সম্পৰ্কত কেন্দ্ৰৰ স্থিতি তথা ইয়াৰ সুফলৰ বিষয়ে মোদীয়ে ভাষণত ব্যাখ্যা আগবঢ়াব বুলি জানিব পৰা গৈছে। আনহাতে পিএম কিষাণ আঁচনিৰ ১৮হাজাৰ কোটিৰ পেকেজো প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব।
আনহাতে, কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ টোমৰে কৃষকলৈ লিখা এখন পত্ৰ বিজেপিৰ কৰ্মকৰ্তাসকলে উত্তৰ প্ৰদেশৰ কৃষকৰ ঘৰে ঘৰে লৈ যাব বুলিও প্ৰকাশ কৰিছে দলটোৱে।