নিউজ ডেস্কঃ বিলাসীপাৰাৰ টিলাপাৰা কামাৰডিহিত বিএছএফ জোৱান আব্দুছ ছোবাহানৰ বাসগৃহত সংঘটিত হ’ল ডকাইটি কাণ্ড। বুধবাৰে নিশা ১১ জনীয়া ডকাইটৰ এটা দলে বিএছএফৰ জোৱানগৰাকীৰ বাসগৃহত প্ৰৱেশ কৰি বহু পৰিমাণৰ ধন আৰু সোণ লুটি লৈ যায়।
ইফালে ডকাইতি সংঘটিত কৰি ডকাইতৰ দলটোৱে পলায়নৰ চেষ্টা কৰোতে স্থানীয় ৰাইজে গম পাই ৪জন ডকাইতক আটক কৰিবলৈ সক্ষম হয়। ৰাইজে আটক কৰা ডকাইত কেইজনৰ পৰিচয় ক্ৰমে আব্দুল হাই, হাবিজুৰ ৰহমান, ৰাহিদুল হক, মস্তাফিজুৰ ৰহমান বুলি জানিব পৰা গৈছে। পিছত ধৃত ডকাইত কেইজনক উত্তম মাধ্যম শোধাই ৰাইজে শালকোচা আৰক্ষীৰ হাতত গতাই দিয়ে। আৰক্ষীয়ে ডকাইতৰ দলটোৰ পলাতক হৈ থকা বাকীকেইজন সদস্যক বিচাৰি অনুসন্ধান আৰম্ভ কৰিছে।