নিউজ ডেস্কঃ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ‘চিনে এৱাৰ্ড ইভেণ্ট’ হিচাপে পৰিগণিত হোৱা ‘প্ৰাগ চিনে এৱাৰ্ডছ’-এ এইবাৰ ভৰি দিছে বিংশতিতম বৰ্ষত। অসমৰ বিভিন্ন ঠাইত অতি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰি অহা ‘প্ৰাগ চিনে এৱাৰ্ডছ’ৰ ২০২১চনৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব ইউনিভাৰ্চিটী অব ছায়েন্স এণ্ড টেকন’লজী, মেঘালয় (ইউএছটিএম)ৰ প্ৰেক্ষাগৃহত। ৩০ জানুৱাৰীত এই আড়ম্বৰপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হ’ব। বৃহস্পতিবাৰে এখন সংবাদ মেলযোগে এইকথা প্ৰকাশ কৰে ‘প্ৰাগ নিউজ’ৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক তথা ‘প্ৰাগ চিনে এৱাৰ্ডছ’ৰ মুখ্য পৃষ্ঠপোষক ডঃ সঞ্জীৱ নাৰায়ণে। ডঃ নাৰায়ণে এই কথা প্ৰকাশ কৰি কয় যে, ‘প্ৰাগ চিনে এৱাৰ্ডছ’ৰ মুখ্য উদ্দেশ্য হৈছে অসম তথা উত্তৰ-পূবৰ চলচ্চিত্ৰ উদ্যোগটোক অধিক গতিশীল কৰা আৰু ইয়াৰ লগত জড়িত শিল্পী, কলা-কুশলীসকলক উদ্বুদ্ধ আৰু অনুপ্ৰাণিত কৰা ৷
উল্লেখ্য ,‘প্ৰাগ চিনে এৱাৰ্ডছ-২০২১-ৰ কাৰ্যসূচীত বলীউডৰ তাৰকাৰ লগতে অংশ ল’ব অসম তথা উত্তৰ-পূবৰ ছবি তথা সাংস্কৃতিক জগতৰ জনপ্ৰিয় প্ৰতিনিধিসকলে। এইবাৰ সকলো ক’ভিড বিধি মানি এই অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব।