নিউজ ডেস্কঃ ২৪ ডিচেম্বৰত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাৰ উদ্যোগত হ’বলগীয়া ২২ সংখ্যক উত্তৰ-পূৱ গ্ৰন্থমেলা ২০২০ ৰ পৰিৱৰ্তে ২০২১ বৰ্ষৰ নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে অনুষ্ঠিত কৰা হ’ব বুলি জনাই সন্থাটোৱে । আজি গুৱাহাটীৰ অসম সাহিত্য সভাৰ সভাগৃহত আয়োজিত এখন সংবাদ মেলত সন্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে কয় যে গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ অক্টোবৰ মাহত ৰাজ্যৰ শিক্ষামন্ত্ৰীক আবেদন জনোৱা হৈছিল যদিও কোনো সঁহাৰি প্ৰদান কৰা নাই।চৰকাৰী অনুমতি নোপোৱাৰ বাবে একাংশ শিক্ষাবিদ,বুদ্ধিজীৱীয়ে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত গ্ৰন্থমেলা খন অনুষ্ঠিত কৰাৰ পৰামৰ্শ দিয়ে যদিও বিভিন্ন কাৰিকৰী তথা পৰিস্থিতিৰ বাবে এই সময়তো সুবিধাজনক বুলি তেওঁ কয়।লগতে,ক’ভিড ৰ বাবে বহিঃৰাজ্যৰ বিক্রেতা প্ৰকাশক সকলে পূৰ্ণ সঁহাৰি জনোৱা নাই আৰু স্কুল-কলেজে সমূহত হ’বলগীয়া পৰীক্ষাইও বিক্ৰীৰ কম কৰিব বুলি শংকা প্ৰকাশ কৰে। সংবাদমেলত ৰাজহুৱা উপদেষ্টা কমিটিৰ সভাপতি ডঃ দয়ানন্দ পাঠক,সংস্হাৰ সভাপতি ইমৰান আহমেদ আদি উপস্থিত থাকি ৰাজ্যত অনুষ্ঠিত সকলো গ্ৰন্থমেলাৰ বাবে নিৰ্ধাৰিত পুঁজি অনুদান দিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়।