নিউজ ডেস্কঃ বলীউদৰ জনপ্ৰিয় গায়িকা নেহা কক্কৰ , এতিয়া কণ্ঠশিল্পী নেহা কক্কৰক বহুতে ড্ৰামেবাজ বুলিও কয় ৷ নিজৰ বিয়াকলৈও এখন মিছা ড্ৰামা ৰচনা কৰিছিল ৷ অনুৰাগীৰ মাজত উৎকণ্ঠ জগাই অৱশেষত এটি নিজে কণ্ঠদান কৰা সংগীতহে মুক্তি দিয়ে ৷
কিছুদিন পূৰ্বে পঞ্জাৱৰ গায়ক ৰোহনপ্ৰীত সিঙৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল নেহা।আকৌ, বিয়াৰ দুমাহ পিছতে ছচিয়েল মিডিয়াত এখন ফটো শ্বেয়াৰ কৰিছিল নেহা কক্কৰে। আৰু মুহূৰ্তৰ ভিতৰতে নেহা কক্কৰ গৰ্ভৱতী বুলি সৰ্বত্ৰ প্ৰচাৰ চলিছিল।
View this post on Instagram
লগতে অনুৰাগীয়ে কণ্ঠশিল্পীগৰাকীক শুভেচ্ছাৰে ছ’চিয়েল মিডিয়া উপচাই পেলাইছিল ৷ কিন্তু সেয়াও আছিল এটা মিউজিক ভিডিঅ’টোৰ মুক্তিৰ আগমুহূৰ্তত কৰা এক প্ৰচাৰৰ প্ৰয়াসহে ৷ অনুৰাগীক সদায় চাৰপ্ৰাইজ্ দিব খোজা নেহা কক্কৰক এতিয়া ড্ৰামা কুইন বুলিও অভিহিত কৰিব বিচাৰে একাংশ অনুৰাগীয়ে ৷