নিউজ ডেস্কঃ ম্যানমাৰস্থিত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন খাপলাঙ গোটে অৱশেষত ভাৰত চৰকাৰৰ সৈতে শান্তি আলোচনাত যোগ দিছে । নেতৃত্বত আৰু সংগঠনৰ আভ্যন্তৰীণ সংঘাতৰ বাবে যোৱা জুন মাহত বিদ্ৰোহী সংগঠনটো য়ুংগ আঙ আৰু নিয়েমলাঙ কন্যাক নামেৰে দুটা গোটত বিভক্ত হৈ পৰিছিল । অৱশেষত আজি খাপলাঙ গোটে নগা নেচনেল পলিটিকেল গ্ৰুপ অৰ্থাৎ এন এন জি পিত চামিল হৈ ভাৰত চৰকাৰৰ সৈতে শান্তি আলোচনা অংশগ্ৰহণ কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় । উল্লেখযোগ্য যে এন এছ চি এন খাপলাঙৰ অধ্যক্ষ নিয়েমলাঙ কন্যাকে কিছুদিন পূৰ্বে এন এছ চি এন ৰিফৰ্মেচন গোটতত যোগদান কৰাত সংগঠনটোৰ চেয়াৰমেন পদটো খালী হৈ পৰিছিল । যোৱা ১৮ ডিচেম্বৰত জি পি আৰ এনৰ জৰুৰী বৈঠকত পূৰ্ব সেনাধ্যক্ষ নিক্কি চুমী সংগঠনটোৰ নতুন চেয়াৰমেন নিযুক্তি দিয়ে । নতুন অধ্যক্ষ নিযুক্তিৰ পিছতে আজি এন এছ চি এন খাপলাঙ গোটে ভাৰত চৰকাৰৰ সৈতে শান্তি আলোচনাত যোগ দিয়াৰ কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে । তথ্য অনুসৰি নিক্কি চুমীৰ নেতৃত্বত গোটোৱে ম্যানমাৰ নগা স্বশাসিত ছাগাইঙিৰ লেছি টাউনৰ সমীপত থকা অমমী গাঁৱত থকা শিবিৰ পাতি আছিল । উল্লিখত স্থানৰ পৰা ভাৰতীয় সেনাৰ এটা উচ্চ পৰ্যায়ৰ দলে এন এছ চি এনৰ দলটোক কটকটীয়া সুৰক্ষা মাজেৰে নাগালেণ্ডৰ ফেক জিলালৈ আনে । সম্প্ৰতি বিদ্ৰোহীসকলক ইণ্ডো– ম্যানমাৰ সীমান্তত এন এছ চি এন কেৰ ডেজিগনেটত কেম্প ৰখা হৈছে। জানিব পৰামতে অধ্যক্ষ নিক্কি চুমীয়ে শীঘ্ৰে ভাৰত চৰকাৰৰ শান্তি প্ৰক্ৰিয়াৰ প্ৰতিনিধি সৈতে আলোচনা কৰিবলৈ নতুন দিল্লীলৈ ৰাওনা হ’ব । উল্লেখযোগ্য যে ম্যানমাৰস্থিত য়ুংগ আঙৰ গোটৰ বাহিৰে বৰ্তমান নগা বিদ্ৰোহী সংগঠনৰ ৮টা গোটে ইতিমধ্যে ভাৰত চৰকাৰৰ শান্তি আলোচনাত চামিল হৈ চূড়ান্ত চুক্তি স্বাক্ষৰৰ বাবে সাজু হৈছে ।