নিউজ ডেস্কঃ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম হৈছিল ২৫ ডিচেম্বৰ ১৯২৪ চনত ৷ একেৰাহে তিনিবাৰলৈ প্ৰধানমন্ত্ৰীৰ পদত আসীন হোৱা বাজপেয়ী প্ৰথমগৰাকী অ-কংগ্ৰেছী নেতা আছিল ৷ পাঁচটা দশকজুৰি ভাৰতীয় সংসদৰ সদস্য হোৱা বাজপেয়ী এগৰাকী সুলেখক তথা কবিও আছিল ৷
पूर्व प्रधानमंत्री आदरणीय अटल बिहारी वाजपेयी जी को उनकी जन्म-जयंती पर शत-शत नमन। अपने दूरदर्शी नेतृत्व में उन्होंने देश को विकास की अभूतपूर्व ऊंचाइयों पर पहुंचाया। एक सशक्त और समृद्ध भारत के निर्माण के लिए उनके प्रयासों को सदैव स्मरण किया जाएगा।
— Narendra Modi (@narendramodi) December 25, 2020
সংসদ ভৱনত তেওঁৰ বক্তৃতাই শাসক-বিৰোধী সকলোকে মোহিত কৰিছিল ৷ তেওঁৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাতে ১৯৯৮ চনত পোখৰাণত নিউক্লিয়াৰ পৰীক্ষণ সম্পন্ন কৰা হৈছিল ৷ পাকিস্তানৰ সৈতে সম্পৰ্ক মধুৰ কৰি তোলাৰ বাবে পাক প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক সাক্ষাৎ কৰিবলৈ তেওঁ লাহোৰলৈ বাছত যাত্ৰা কৰিছিল ৷ ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ পিছতো তেওঁ ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ সৈতে সম্পৰ্ক ঠিক কৰিবলৈ তেওঁক আগ্ৰালৈ নিমন্ত্ৰণ জনাইছিল ৷ ২০১৫ চনত ভাৰত ৰত্নৰে সন্মানিত অটল বিহাৰী বাজপেয়ীৰ জন্মদিনটো নৰেন্দ্ৰ মোদীৰ প্ৰশাসনে ‘‘সুশাসন দিৱস” হিচাপে ঘোষণা কৰে ৷