নিউজ ডেস্কঃ মহানগৰীৰ ডঃ ভবেন্দ্ৰনাথ শইকীয়া শিশু কল্যাণ ন্যাস,দিছপুৰত আজিৰে পৰা আৰম্ভ হৈছে চতুৰ্থ গুৱাহাটী ইণ্ডিয়া অ’পেন অনলাইন আন্তঃৰাষ্ট্ৰীয় দবা খেল প্ৰতিযোগিতা,২০২০।উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সৰ্ব শিক্ষা অভিযানৰ পৰিচালন সঞ্চালক বি কল্যাণ চক্ৰৱৰ্তীৰ আৰু লগতে আন্তৰাষ্ট্ৰীয় সাতোঁৰবিদ এলভিছ আলী হাজৰিকা আৰু অসম দবা ক্লাৱৰ সভাপতি মৃদুল কুমাৰ মহন্ত। অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে উপস্থিত থকা বি কল্যাণ চক্ৰৱৰ্তীয়ে কয় যে -দবা খেলৰ জৰিয়তে দেশৰ নবপ্ৰজন্ম আগুৱাই যোৱাত সহায় কৰিব। দবা খেলত অংশগ্ৰহণ কৰা সকল বুদ্ধিৰে বহুত পাকৈত হয়।
উল্লেখ্য, ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীৰ জন্ম দিনৰ লগত সংগতি ৰাখি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। ২৫ ডিচেম্বৰ ৰ পৰা ২৭ডিচেম্বৰ লৈ চলিব এই প্ৰতিযোগিতা ৷