নিউজ ডেস্কঃ ১৯৩৭ চনৰ ২৭ ডিচেম্বৰত অসম সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল । প্ৰয়াত মিত্ৰদেৱ মহন্তই ৰচনা কৰা ‘ চিৰ চেনেহী মোৰ ভাষা জননী ‘ গীতটি যোৰহাটৰ শিল্পী প্ৰয়াত গোপাল চন্দ্ৰ শৰ্মাই কলিকতাৰ চেনোলা কোম্পানীত ১৯৩৪ চনত পোনপ্ৰথমবাৰ বাণীৱদ্ধ কৰি সাহিত্য সভাৰ উদ্বোধনী গীতটি অসমবাসীলৈ উপহাৰ দিয়ে। যোৰহাটৰে চাৰিজন স্বনামধন্য শিল্পী প্ৰয়াত দৰ্প শৰ্মা,কৰুণাধৰ বৰুৱা, কেশৱ শৰ্মা আৰু গোপাল চন্দ্ৰ শৰ্মাই মিলি গীতটিত সুৰ সংযোজনা কৰিছিল৷