নিউজ ডেস্কঃ নামৰূপত অভিযান চলাই ভাৰতীয় সেনাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল NSCN-Uৰ এজন দুৰ্ধৰ্ষ কেডাৰক। দেওবাৰে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ভাৰতীয় সেনাই নামৰূপৰ পৰা গ্ৰেপ্তাৰ কৰে NSCN-Uৰ দুৰ্ধৰ্ষ কেডাৰ ডেনিয়েল ল’থাক।
উল্লেখ্য, ডেনিয়েল ল’থা নামৰ দুৰ্ধৰ্ষ কেডাৰজনে যুৱক-যুৱতীসকলক NSCN-Uৰ সৈতে জড়িত কৰাত সক্ৰিয় ভূমিকা লৈ আহিছিল। আনহাতে বহু কেইটা অপহৰণ আৰু ধন দাবীৰ ঘটনাৰ সৈতেও জড়িত এইজন ধৃত কেডাৰ। অৰুণাচল-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত সন্ত্ৰাস চলাই অহা ডেনিয়েল ল’থাৰ পৰা ভাৰতীয় সেনাই বহু কেইটা মাৰণাস্ত্ৰ আৰু আপত্তিজনক নথি জব্দ কৰিবলৈ সক্ষম হয়।