নিউজ ডেস্কঃ ভাৰতীয় জাতীয় কংগ্রেছৰ ১৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। সোমাবাৰে দলৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা এই প্ৰতিষ্ঠা দিৱস ত দলৰ সকলো পৰ্যায়ৰ সদস্যই অংশ গ্ৰহণ কৰে। অনুষ্ঠানটোত পতাকা উত্তোলন কৰে কংগ্ৰেছ দলৰ সভাপতি ৰিপুন বৰাই। তাৰপিছত সভাপতি গৰাকীয়ে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সমূহ কংগ্ৰেছ কৰ্মী সকলক সংকল্প বাক্য পাঠ কৰাই।কংগ্ৰেছ সেৱা দলৰ সংকল্প বাক্য পাঠ কৰোৱাই ৰিপুন বৰাই।