নিউজ ডেস্কঃ অসম জাতীয় পৰিষদৰ প্ৰথমখন সংবাদমেলখনত ভাষণ প্ৰদান কৰি সভাপতি লুৰিণজ্যোতি গগৈয়ে এইদৰে কয়৷ ‘‘২০১৯, ২০ বৰ্ষটো অসমৰ বাবে অতি ভয়াবহ বৰ্ষ আছিল৷ ২০২১ বৰ্ষটো অসমৰ আধিপত্য স্থাপনৰ বৰ্ষ হ’ব, অধিকাৰ সাব্যস্তৰ বৰ্ষ হ’ব৷ ‘কা’ জাপি দিয়াৰ বাবে অসমৰ মানুহ ৰাজনৈতিক অধিকাৰক লৈ চিন্তিত হৈছে৷ পুনৰবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীক কাষত বহুৱাই ছহিদৰ ত্যাগক অপমান কৰিলে৷ এই অপমানক আমি গৰিহণা দিছো, ছহিদক অপমান নকৰিবলৈ সঁকিয়নি দিছো৷ গৃহমন্ত্ৰীয়ে বক্তব্যত অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰণ সন্দৰ্ভত এষাৰো কথা নক’লে৷ অসমৰ প্ৰতি দিল্লীৰ যে দৃষ্টিভংগী সলনি হোৱা নাই এয়াই প্ৰমাণ৷ ২০২১ত সেয়ে অসমৰ জন গণে নতুন চিন্তাৰে সমাজখনক আগবঢ়াই লৈ যাব৷ এজেপি-য়ে ‘ঘৰে ঘৰে আমি, ঘৰে ঘৰে উপাৰ্জন’ শ্লোগানেৰে আগবাঢ়ি যাব৷ নৱপ্ৰজন্মক ইয়াত অন্তৰ্ভূক্ত কৰিবলৈ কৰ্মসূচী তৈয়াৰ কৰা হ’ব৷ নিৰ্বাচন চমু চাপি অহাৰ বাবে নামঘৰলৈ অনুদান আগবঢ়াইছে চৰকাৰে, কেৱল ভোটকেন্দ্ৰিক চৰ্চাহে সত্ৰ, নামঘৰ আদিলৈ অনুদান দিয়া বিষয়টো৷ এজেপি-ৰ চৰকাৰ হ’লে প্ৰতিজন নিবনুৱা যুৱক-যুৱতীক ৫ হাজাৰ টকাকৈ মাহে আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব৷ কাৰিকৰী সক্ষমতা থকা যুৱক-যুৱতীক মাহে ১০ হাজাৰ টকা প্ৰদান কৰা হ’ব৷ অসমত কা বলৱৎ হ’বলৈ দিয়া নহ’ব৷ বানপানী, গৰাখহনীয়াৰ স্থায়ী সমাধান কৰাৰ বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ দুৰ্নীতি, অপশাসন দূৰ কৰা, পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ সমগ্ৰ অসমৰ প্ৰতিটো আঞ্চলিক আৰু জাতীয়তাবাদী শক্তিক একত্ৰিত কৰাৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব৷ ভোট বিভাজনেৰে বিজেপি, কংগ্ৰেছ, এআইইউডিএফ-এ যাতে লাভৱান্বিত হ’ব নোৱাৰে তাৰ বাবে এই প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে৷ যিবোৰ আঁচনিৰ নামত ৰাজ্য চৰকাৰে বাহ বাহ ল’ব বিচাৰিছে সেয়া কেৱল কেন্দ্ৰই দিয়া টকা, মানুহৰ প্ৰাপ্য৷ প্ৰতিটো সমষ্টিয়ে সমষ্টিয়ে এজিপি-ৰ প্ৰতিনিধি গৈ ক’ত কি বিসংগতি, দুৰ্দশা আছে সেয়া ৰাইজক দেখুৱাই দিয়া হ’ব৷ বিজেপি-য়ে আজমলৰ মুখ দেখুৱাই ধৰ্মীয় মেৰুকৰণ কৰিব বিচাৰিছে৷ ২০২১ত সভ্যতাৰেই যুঁজ হ’ব, সেয়া হৈছে বেলেগৰ ওচৰত আঁঠু লোৱা সভ্যতা আৰু স্বাভিমানী হৈ আত্মপ্ৰতিষ্ঠা কৰাৰ সভ্যতা৷ সাম্প্ৰদায়িক শক্তিসমূহ কোনোবাটো স্তৰত একেলগ হয়েই, বিজেপি-এআইইউডিএফ একেই৷
উল্লেখ্য, সংবাদমেলত উপস্থিত থাকে উপ-সভাপতি অদীপ ফুকন, সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু বসন্ত ডেকা৷