নিউজ ডেস্কঃ কংগ্রেছত কৰা পাপৰ প্রায়শ্চিত্ত কৰিবলৈ বিজেপিলৈ আহিব খুজিছে কংগ্রেছৰ বিধায়িকা অজন্তা নেওগে৷ এই মন্তব্য হোজাইৰ বিতর্কিত বিধায়ক শিলাদিত্য দেৱৰ৷ দেশৰ প্রাক্তন প্রধানমন্ত্রী প্রয়াত অটল বিহাৰী বাজপেয়ীৰ ৯৬সংখ্যক জন্ম দিৱসৰ লগত সংগতি ৰাখি আজি বিজেপিৰ অ’ বি চি মর্চাৰ লংকা টাউন মণ্ডলৰ উদ্যোগত দৰিদ্র লোকৰ মাজত অন্ন-বস্ত্র বিতৰণী এক অনুষ্ঠানত উপস্থিত থাকি হোজাইৰ বিধায়ক শিলাদিত্য দেৱে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে৷
বিধায়িকা অজন্তা নেওগৰ বিজেপিত যোগদান কৰা প্রসংগক লৈ বিধায়কগৰাকীয়ে আৰু কয় যে অজন্তা নেওগক বিজেপিলৈ সংস্কাৰ কৰি অনা হ’ব৷ যিহেতু বিধায়িকাগৰাকীয়ে পাপ কাম কৰি আহিছে আৰু আমি পুণ্যৰ পথ দেখুৱাম৷ কংগ্রেছত কৰা পাপৰ গংগা স্নান হ’ব বিজেপিত৷ বিধায়কগৰাকীয়ে লগতে কয় যে যিয়ে পাপ কৰে সি পুণ্য কৰিবলৈ বিজেপিত যোগদান কৰে৷