নিউজ ডেস্কঃ ড্ৰাইভিং লাইচেন্সকে ধৰি নথিসমূহৰ নৱীকৰণৰ সময়সীমা বৃদ্ধি।দেওবাৰে কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰ্যালয়ে জানিবলৈ দিয়ে যে ক’ৰোনা পৰিস্থিতিৰ বাবে পুনৰ ম্যাদ বৃদ্ধি কৰা হৈছে।
নতুন নিৰ্দেশনা অনুসৰি অহা বছৰৰ ৩১ মাৰ্চ পৰ্যন্ত বৃদ্ধি কৰা হৈছে ড্ৰাইভিং লাইচেন্স, গাড়ীৰ পঞ্জীয়ন, ফিটনেছ প্ৰমানপত্ৰকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ নথিৰ নৱীকৰণৰ দিন।চতুৰ্থবাৰৰ বাবে ড্ৰাইভিং লাইচেন্স, গাড়ীৰ পঞ্জীয়ন, ফিটনেছ প্ৰমানপত্ৰকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ নথিৰ নৱীকৰণৰ ম্যাদ বৃদ্ধি কৰা হ’ল।
যোৱা ১ ফেব্ৰুৱাৰীত ম্যাদ উকলি যোৱা বা নতুন বছৰৰ ৩১ মাৰ্চৰ ভিতৰত যিসমূহ নথিৰ ম্যাদ উকলিব, সেইবোৰ ৩১ মাৰ্চলৈকে নৱীকৰণ কৰিব পৰা যাব।