নিউজ ডেস্কঃ ২০০৮ চনৰ ৩০ অক্টোবৰত গুৱাহাটীত হোৱা বৃহৎ বোমা বিস্ফোৰণৰ ঘটনা হয়তো কোনেও পাহৰা নাই৷ প্ৰতি বছৰে ৩০ অক্টোবৰত চাকি জ্বলাই, মৌন প্ৰাৰ্থনাৰে বিস্ফোৰণত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ দল-সংগঠনসমূহে বিস্ফোৰণৰ নায়ক ৰঞ্জন দৈমাৰীক কঠোৰ শাস্তি বিহিব লাগে বুলি দাবী জনায় চৰকাৰক৷
গুৱাহাটীৰ উচ্চ ন্যায়ালয়কে ধৰি বিভিন্ন নিম্ন আদালতত সম্প্ৰতি ৰঞ্জন দৈমাৰীৰ গোচৰ চলি আছে৷ হেন সময়তে ৰঞ্জন দৈমাৰীসহ তেওঁৰ একাংশ সতীৰ্থৰ বিনাচৰ্তে মুকলিৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰি বিতৰ্কৰ সৃষ্টি কৰিছে ইউপিপিএলৰ নেতা প্ৰমোদ বড়োৱে৷
প্ৰমোদ বড়োৰ ৰাজনীতিৰ অংক একাংশই অনুধাৱন কৰিব পাৰিলেও বিষয়টোৱে সচেতন মহলত যথেষ্ট উদ্বিগ্নতাৰ সৃষ্টি কৰিছে৷