নিউজ ডেস্কঃ বিধান সভা নিৰ্বাচনৰ আগমূহুৰ্তত এটাৰ পিছত এটাকৈ দুৰ্গ খহিছে কংগ্ৰেছৰ ৷
২০২১-ৰ অসম বিধান সভা নিৰ্বাচনত মুখ ঠেকেচাঁ খোৱা পথত অসমত কংগ্ৰেছ দল ৷
এসময়ৰ কংগ্ৰেছৰ সক্ৰিয় নেত্ৰী তথা মন্ত্ৰী অজন্তা নেওগে কংগ্ৰেছক কলটো খাই বাকলিটো দিয়াৰ লেখীয়া কংগ্ৰেছৰ সক্ৰিয় নেতা, জোনাইৰ বিধায়ক ভূৱন পেগু বিজেপিলৈ ঢাপলি মেলিছে ৷
চিলা পথাৰত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় য়ে দুদিনৰ ভিতৰতে বিজেপিত যোগদান কৰিব জোনাইৰ বিধায়কগৰাকী ৷
আৰু ২০২১-ত বিধান সভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলিও দৃঢ়তাৰে কয় হিমন্তই ৷