নিউজ ডেস্কঃ গণৰাজ্য দিৱসৰ আগমূহুৰ্তত ডিমাছা উগ্ৰপন্থী সংগঠন ডিএনএলএ-য়ে সমগ্ৰ ডিমাছা এলেকা বন্ধ ঘোষণা কৰিছে ৷
২৪ জানুৱাৰীৰ ৫ বজাৰ পৰা ৩৬ ঘন্টীয়া বন্ধৰ ঘোষণা কৰে উগ্ৰপন্থী সংগঠনটোৱে।
জানিব পৰা মতে সংগঠনটোৱে সুকীয়া ডিমাৰাজি অৰ্থাৎ ডিমাছা ৰাজ্যৰ দাবীত ঘোষণা কৰে এই বন্ধ।
উল্লেখযোগ্য যে সমগ্ৰ ডিমাৰাজি জনসাধাৰণক এই বন্ধ কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনাইছে সংগঠনটোৱে।
অন্যথা অনাকাংক্ষিত পৰিস্থিতিৰ বাবে তেওঁলোক দায়ী নহ’ব বুলিও ভাবুকি প্ৰদান কৰে সংগঠনটোৱে।
উল্লেখ্য, এই বন্ধৰ সময়ছোৱাত দুগ্ধ আৰু পানী যোগান ব্যৱস্থা, স্বাস্থ্য সেৱা আৰু শিক্ষানুষ্ঠান স্বাভাৱিকভাৱে চলি থাকিব বুলি জানিব দিয়ে ডিএনএলএ-ৰ অধ্যক্ষই ।