নেতাজী সুভাষ চন্দ্ৰ বসুৰ আজি জন্মতিথি ।
স্বাধীনতা সংগ্ৰামী, দেশনায়ক তথা দেশপ্ৰেমৰ প্ৰতীক নেতাজী সুভাষ চন্দ্ৰ বসু ।
তেখেতৰ আত্মবলিদান আৰু দেশৰ প্ৰতি আগবঢ়োৱা নিঃস্বাৰ্থ সেৱা ভাৰতবাসীৰ বাবে চিৰস্মৰণীয় ।
নেতাজীৰ ১২৫ সংখ্যক জন্মজয়ন্তীত তেখেতক সোঁৱৰি শ্ৰদ্ধাৰ্ঘ্য অৰ্পন কৰিছে প্ৰতিগৰাকী দেশবাসীয়ে ।
নেতাজীৰ স্মৰণত ২৩ জানুৱাৰী দিনটো ‘পৰাক্ৰম দিৱস’ ৰূপে উদযাপন কৰে ভাৰতবৰ্ষই ।
২০২১ বৰ্ষৰ পৰা প্ৰতিবছৰে ২৩ জানুৱাৰী দিনটো ‘পৰাক্ৰম দিৱস’ ৰূপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে ।
তেখেতৰ আজি ১২৫ সংখ্যক ওপজা দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত মুকলি কৰিব ১২৫ টকীয়া মুদ্ৰা ।
‘পৰাক্ৰম দিৱস’ উদযাপন অনুষ্ঠানত কলিকতাত উপস্থিত থাকিব নৰেন্দ্ৰ মোদী ।
১৮৯৭ চনৰ ২৩ জানুৱাৰীত ওড়িশাৰ কটকত জন্মগ্ৰহণ কৰিছিল নেতাজী সুভাষ চন্দ্ৰ বসু ।
তেখেতৰ অদম্য সাহস আৰু দেশৰ প্ৰতি আগবঢ়োৱা নিঃস্বাৰ্থ সেৱাৰ বাবে তেখেতৰ প্ৰতি সন্মান জনাই ভাৰত চৰকাৰে এই দিনটো ‘পৰাক্ৰম দিৱস’ হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।