শুকুৰবাৰে সন্ধিয়া প্ৰায় ৬.৪৫ বজাত ডিগবৈস্থিত ৩নং গাড়োবাল ৰেজিমেণ্টৰ সেনা শিবিৰত এক বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল।
এই ঘটনাটোক লৈ ‘সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)’য়ে স্বীকাৰোক্তি দিয়ে।
এক প্ৰেছ বিজ্ঞপ্তিযোগে সংগঠনটোৱে কয় যে, ২২ জানুৱাৰীত ডিগবৈত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ কাণ্ড সংঘটিত কৰিছিল।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ পূৰ্বে শুকুৰবাৰে অসমত উপস্থিত হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
কিন্তু মোদী আৰু শ্বাহৰ অসম ভ্ৰমণৰ পূৰ্বে শুকুৰবাৰে সন্ধিয়া প্ৰায় ৬:৪৫বজাত ডিগবৈত সংঘটিত হয় এই বোমা বিস্ফোৰণৰ ঘটনা।
ডিগবৈৰ ৩নং গাড়োৱাল ৰেজিমেণ্টৰ কেম্পত শুকুৰবাৰৰ সন্ধিয়া এক ভয়ংকৰ শব্দ হয় ৷
ভয়ংকৰ শব্দটোৰ পিছতে সেনাৰ কেম্পৰ মূল গেটটো বন্ধ কৰি দিয়ে সেনা বাহিনীয়ে ৷
Photo: Google