নিউজ ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা BCCI-ৰ অধ্যক্ষ সৌৰভ গাংগুলী পুনৰ অসুস্থ হৈ কলকতাৰ এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হয় ৷
উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ২ জানুৱাৰীত সৌৰভ গাংগুলী নিজ বাসগৃহৰ থকা জিমত ৱৰ্কআউট কৰি থাকোতে হঠাৎ বুকুৰ বিষ হোৱাত তেওঁক উডলেণ্ড হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।
দৰাচলতে সৌৰভ গাংগুলীৰ হৃদযন্ত্ৰ সম্বন্ধীয় সমস্যাত ভুগিছিল ৷ যাৰ বাবে তেওঁক উডলেণ্ডছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।
আৰু উডলেণ্ডত তেওঁ প্ৰায় এসপ্তাহ ধৰি চিকিৎসাধীন হৈ আছিল ৷
উডলেণ্ড হাস্পতালৰ সূত্ৰই প্ৰকাশ কৰা মতে সৌৰভ গাংগুলীক Angioplasty-ৰো আৱ্যশক হৈছিল।