নিউজ ডেস্কঃ বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰাত আনন্দৰ স্ৰোত বৈছে সমগ্ৰ ৰাজ্যতে ।
অসমীয়া সাহিত্যলৈ অতুলনীয় আৱদান আগবঢ়োৱা সাহিত্যিকগৰাকীৰ গুণমুগ্ধ আৰু অনুৰাগীসকলে তেওঁৰ ধাইআলিস্থিত বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জনায় ৷
একেদৰে ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মোহনেও সাহিত্যিক ইমৰান শ্বাহৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জনোৱাৰ লগতে আনন্দ ব্যক্ত কৰি কয় যে সাহিত্যিক ইমৰান শ্বাহক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা বিষয়টো শিৱসাগৰৰ বাবে অতিশয় গৌৰৱ আৰু আনন্দৰ বতৰা বুলি মত প্ৰকাশ কৰে ৷
মন্ত্ৰীগৰাকীয়ে লগতে শ্বাহৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুও কামনা কৰে।
উল্লেখ্য, ৰাজহ মন্ত্ৰীগৰাকীৰ লগতে ইমৰান শ্বাহৰ ঘৰত উপস্থিত হৈ জিলা উপায়ুক্ত বিষ্ণু কমল বৰা, আৰক্ষী অধীক্ষক অমিতাভ সিনহা, জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলী, সমাজকৰ্মী ভৱেন মোহন আৰু সুৰভী ৰাজকুঁৱৰী, জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউতও বিশিষ্ট সাহিত্যিকগৰাকীক সম্বৰ্ধনা জনায়।