পপ ছিংগাৰ ৰিহানা নিজৰ গান আৰু ফেশ্বনৰ বাবে প্ৰায়ে আলোচনাৰ কেন্দ্ৰবিন্দু হৈ আহিছে।
কিছুদিন পূৰ্বে তেওঁ কৃষক আন্দোলনক লৈ টুইট কৰিছিল, যাৰ বাবে তেওঁ যথেষ্ট বিতৰ্কৰ মাজত সোমাই পৰিছিল।
এতিয়া ৰিহানা পুনৰ চৰ্চিত বিষয়বস্তু হৈ পৰিছে।
এইবাৰ তেওঁ এটা ফটোশ্বুটৰ বাবে লাইমলাইটত আহিছে।
ৰিহানাৰ টপলেছ পোষ্ট
দৰাচলতে, ৰিহানাই Lounger brandৰ বাবে ফটোশ্বুট কৰিছে।
এই ফটোশ্বুটত তেওঁ টপলেছ পোজ দিয়ে লগতে কেইবাটাও অলংকাৰ পিন্ধা দেখা পোৱা গৈছে।
তেওঁ ডিঙিত ভগৱান গণেশৰ লকেট পিন্ধিছে, যাৰ বাবে তেওঁক যথেষ্ট ট্ৰল কৰা হৈছে।
ছচিয়েল মিডিয়াত ফেশ্বন ছেঞ্চৰ বাবে তেওঁক লক্ষ্য কৰি লোৱা হৈছে।
ফটো শ্বেয়াৰ কৰি তেওঁ লিখিলে- when PopcaanMusic said “me nuh wan ya wear no lingerie tonight fa me girl”.
কি ক’লে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে?
ৰিহানাৰ ফটোখনক লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ক’লে, ‘মই দেখা পোৱা নাই কিন্তু ভাৰতত সনাতন ধৰ্ম যথেষ্ট সহনীয়।
যথেষ্ট ধৈৰ্যশীল আৰু ইয়াৰ সুযোগ গ্ৰহণ কৰিছে ছবি নিৰ্মাতাসকলে, বিজ্ঞাপন কৰাসকলে, টুকৰে-টুকৰে গেংসকলে যাৰ যি মন যায় আমাৰ দেৱী-দেৱতাক লৈ কটাক্ষ কৰে।
কিন্তু কেতিয়াবা যদি অন্য ধৰ্মক লৈ এনেধৰণৰ কাণ্ড সংঘটিত হয় তেতিয়া সমগ্ৰ বিশ্বতে হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়।
এয়া আমাৰ ধৈৰ্যৰ পৰীক্ষা হয়।
when @PopcaanMusic said “me nuh wan ya wear no lingerie tonight fa me girl” @SavageXFenty pic.twitter.com/bnrtCZT7FB
— Rihanna (@rihanna) February 15, 2021
https://twitter.com/09S00B/status/1361409853135015936?s=20
https://twitter.com/kpopandtae/status/1361445842444554240?s=20
https://twitter.com/aigirinand1/status/1361424185730367490?s=20
https://twitter.com/Presenjeet26/status/1361424125558841345?s=20
when @PopcaanMusic said “me nuh wan ya wear no lingerie tonight fa me girl” @SavageXFenty pic.twitter.com/bnrtCZT7FB
— Rihanna (@rihanna) February 15, 2021
she’s wearing a Hindu God in her necklace…
— mashallah (@POLARIGHTS) February 15, 2021
Photo: Twitter