পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেড অৰ্থাৎ পূৰবী ডেইৰীয়ে মুকলি কৰিছে ‘পূৰবী পশু পুষ্টি’৷
দুগ্ধ উৎপাদন বৃদ্ধি আৰু পশুপালকৰ উৎপাদন ব্যয় হ্ৰাস কৰিবলৈ ১৮ ফেব্ৰুৱাৰীত মুকলি কৰিছে পৰিপূৰক ‘পূৰবী পশু পুষ্টি’।
কামৰূপ জিলাৰ চাংসাৰিত ‘WAMUL’য়ে ‘পূৰবী পশু পুষ্টি’ৰ কাৰণে ক্ষেত্ৰ বিশেষ খনিজ মিশ্ৰণ আৰু বাই-পাছ প্ৰ’টিন খাদ্যৰ উৎপাদন আৰম্ভ কৰিছে ।
এই ‘কেটেল ফিড প্লাণ্ট’ মুকলি কৰিছে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, হিমন্ত বিশ্ব শৰ্মাই, উক্ত অনুস্থানত উপস্থিত থাকে এন ডি ডি বি ৰ অধ্যক্ষ আৰু কাৰ্যবাহী পৰিচালক মিনেশ শ্বাহ, ৰাজেশ প্ৰসাদ(IAS), কৃষি উৎপাদন আয়োক্ত, মনিন্দৰ সিং অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব, সমবায় বিভাগ ।
বিজ্ঞানসন্মতভাৱে পশুৰ খাদ্য সন্তোলন কাৰ্যক্ৰম আৰু কৃত্ৰিম গৰ্ভধাৰণ পদ্ধতিৰ জৰিয়তে বংশবৃদ্ধি প্ৰণালীৰ বিষয়ে ‘WAMUL’ য়ে প্ৰচাৰ আৰু প্ৰসাৰ কৰিছে ৷
এই ক্ষেত্ৰত অসম চৰকাৰে কৃষি, ব্যৱসায় আৰু গ্ৰাম্য পৰিবৰ্তন আঁচনিৰ অধীনত অৰ্থসাহায্য আগবঢ়াইছে ।
‘WAMUL’ য়ে বাই-পাছ প্ৰ’টিনক পশুখাদ্যৰ পৰিপূৰক হিচাপে মুকলি কৰিছে।
অনাগত দিনত উদ্ভিদৰ দ্বাৰা প্ৰস্তুত কৰা যৌগিক পশুখাদ্য উৎপাদনৰ বাবে বাই-পাছ প্ৰ’টিন ব্যৱহাৰ কৰি বাই-পাছ প্ৰ’টিনযুক্ত যৌগিক পশুখাদ্য প্ৰস্তুত কৰা হ’ব ।
‘WAMUL’ হৈছে অসমৰ শীৰ্ষস্থানীয় দুগ্ধ সমবায় আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত দ্ৰুত বিকশিত থলুৱা দুগ্ধ ব্ৰেণ্ড ।
FSSAI স্বীকৃতিপ্ৰাপ্ত পূৰবী ডেইৰী সুৰক্ষিত আৰু খাদ্যৰ উপযোগী বিভিন্ন দুগ্ধ সামগ্ৰী , দৈ, মিঠা দৈ, ঘিউ, লচ্চী, পনীৰ, ক্ৰীম আদিৰ বাবে বিখ্যাত ।
এন ডি ডি বিৰ অপাৰেচন ফ্লাড প্ৰগ্ৰেমৰ অধীনত ১৯৭৬ চনত ‘WAMUL’ য়ে অসমৰ দুগ্ধ সামগ্ৰী আৰু গ্ৰাহকৰ মাজত এক প্ৰতিকী সম্পৰ্ক স্থাপন কৰিছে।
‘WAMUL’ পশুপালকক নেতৃত্ব দিয়া এক দুগ্ধ সমবায় প্ৰতিষ্ঠান যিয়ে প্ৰতিবছৰে হাজাৰৰ অধিক স্থানীয় পশুপালকক জীৱিকাৰ সন্ধান দিছে ।
photo: google