অষ্ট্ৰেলিয়াৰ বেটছমেন গ্লেন মেক্সৱেলক ১৪.২৫ কোটি টকাত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুই ক্ৰয় কৰে।
মেক্সৱেলক ক্ৰয় কৰিবলৈ চেন্নাই ছুপাৰ কিংছে যথেষ্ট চেষ্টা কৰিছিল, কিন্তু পকেটত ধনৰ কমি হোৱা বাবে খেলুৱৈগৰাকীক ক্ৰয় কৰিব নোৱাৰিলে।
উল্লেখ্য নিলামীৰ এদিন পূৰ্বে গ্লেন মেক্সৱেলে IPLৰ ১৪ সংখ্যক ছীজনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বাবে খেলিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল।
উল্লেখযোগ্য যে, মেক্সৱেল বিগত ছীজনত কিংছ ইলেভেন পঞ্জাৱৰ অংশ আছিল।
IPL ২০২০ত তেওঁৰ প্ৰদৰ্শন যথেষ্ট ভাল নাছিল, যাৰ বাবে ফ্ৰেঞ্চাইজীয়ে তেওঁক নিলামীৰ পূৰ্বে ৰিলিজ কৰি দিছিল। পঞ্জাৱে মেক্সৱেলসহ মুঠ ৯ গৰাকী খেলুৱৈক ৰিলিজ কৰি দিছিল।
নিলামীৰ বাবে অন্তুৰ্ভুক্ত কৰা ২৯২ খেলুৱৈৰ ভিতৰত ৪২ বছৰৰ নয়ন দোশী আটাইকৈ জ্যেষ্ঠ আৰু ১৬ বছৰীয়া নুৰ আহেমদ আটাইতকৈ যুৱ খেলুৱৈ।
নয়ন আৰু নুৰ আহমেদৰ বেজ প্ৰাইজ ২০-২০ লাখ টকাকৈ নিৰ্ধাৰণ কৰা হৈছে।
নয়নে সৌৰাষ্ট্ৰ, ৰাজস্থান আৰু ছৰেৰ বাবে ২০০১ৰ পৰা ২০১৩ৰ মাজত মুঠ ৭০খন প্ৰথম শ্ৰেণী মেচ খেলিছে।
ইফালে নুৰে কেইদিনমান পূৰ্বে অষ্ট্ৰেলিয়াৰ বিগ বেছ লীগৰ অংশ আছিল।
এটা টীমত কিমান হ’ব পাৰে খেলুৱৈৰ সংখ্যা
আপোনালোকৰ জ্ঞাতাৰ্থে জনাও যে প্ৰতিটো ফ্ৰেঞ্চাইজী নিজৰ টীমত বেছিতকৈ বেছি ২৫ খেলুৱৈ আৰু কমতকৈ কম ১৮ গৰাকী খেলুৱৈ ৰাখিব পাৰে।
ইফালে এটা টীমত আটাইতকৈ অধিক বিদেশী খেলুৱৈৰ সংখ্যা ৮টা হ’ব পাৰে।
উল্লেখযোগ্য যে প্ৰতিটো ৮ আইপিএল ফ্ৰেঞ্চাইজীয়ে নিলামীৰ পূৰ্বে ১৩৯ গৰাকী খেলুৱৈক ৰিটেইন কৰে আৰু ৫৭ গৰাকী খেলুৱৈক বৰ্তমানৰ টীমসমূহে ৰিলিজ কৰে।
Photo: Google